সমললৈ যাওক

পৃষ্ঠা:শ্ৰীভজনবিলাস পদ্ধতি.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
শ্রীভজন বিলাস পদ্ধতি।

এহি বুলি চৰণত পৰিবা বপাই।
দোষ কটাযাব আক জানিবা নিশ্চই ॥৯৬॥
গুৰু উপদেশে যাই কৃষ্ণৰ আগত।
কহিলা কৰিলা ৰীতিমত কাৰ্য্য যত ॥৯৭॥
পাৰা নাই লজ্জা পাশ চিৰিব অর্জ্জুন।
গুৰু কৃষ্ণ অনুগ্রহে পাইলা পৰিত্ৰাণ ॥৯৮॥
এয়েলজ্জা পাশ এলেখিয়া লাজ যাৰ ।
তিনি কুৰি চাৰিখন নৰক তাহাৰ ॥৯৯॥
বাকি জাল ভজন বিলাসে নভাঙ্গিলোঁ।
কাশীদাস কহে মহাজনক ডৰালোঁ॥১০০॥*

যােণিলিঙ্গতন্ত্রে ।

যত্রতত্র গুৰুং দৃষ্টা তত্রতত্র কৃতাঞ্জলি।
দগুবত্‌ প্রণামং ভুমোৌছিন্ন মূলতৰু যথা॥

(কথা)

 যতে ততে গুৰুক লগ পালেই গুৰি কটাগছৰ
নিচিনাদীঘল হৈ পৰিব লাগে ; যােনে লাজতে
নপৰে সেয়েজীব  ইয়াৰ পহিলাসাক্ষী অর্জ্জুন।