পদব্ৰজে চলি জান্ত ৰাজা ধিৰে ধিৰ।
বাৰ্তা শুনি প্ৰজা সব আসে নিৰন্তৰ॥ ৩৬১
মৃত শৰীৰত যেন জীৱন পাইলন্ত।
ঘাতে বাতে নৰনাৰী বেঢ়ি বেঢ়ি চান্ত॥
বাম পাষে দুই ৰানি সিংসাসনে ৰাজা।
পাত্ৰ পাৰিসদ আসি কৰিলন্ত পুজা॥ ৩৬২
সুহৃদ বান্ধৱ ৰাজ্যে আছিলা যতেক।
বাৰ্তা শুনী ভেতিলন্ত আসিয়া প্ৰত্যেক॥
বান্ধৱ সানন্দ নীৰানন্দ সত্ৰুগন।
ৰাজ্যে ৰাজা পুৰ্ব্ব অতে কৰন্ত পালন॥৩৬৩
চিন্তা ভদ্ৰা দুই ভাৰ্য্যা যেহেন সাবিত্ৰী।
ক্ৰমে সত পুত্ৰ দুই প্ৰসবিলা সতী॥
যুগল ৰাণীৰ হন্তে দুই কন্যা ধন।
অমৃততে অতিৰিক্ত ভৈলন্ত ৰাজন॥ ৩৬৪
দিৰ্ঘকাল ৰাজ্য পালি শ্ৰীবৎস ৰাজন।
ধৰ্ম্ম কৰ্ম্ম কৰিলন্ত নজাই বৰ্ন্নন॥
সৰ্ব্বসুখে ৰাজ্যে বসি পৰম কৌতুকে।
অন্তকালে তিনি প্ৰাণী গৈলা বিস্তুলোকে॥ ৩৬৫
অতএব ধৰ্ম্মৰাজা কৰোঁ নীবেদন।
দেৱাধিন কৰ্ম্মে সোক কৰাঁ অকাৰণ॥
শ্ৰীবৎস চৰিত্ৰ আৰু সনিৰ মাহাত্ম্য।
যিবা সুনে যিবা পঢ়ে হোৱন্ত পবিত্ৰ॥ ৩৬৬