পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
শ্ৰীবৎস চিন্তাৰ বনবাস।


কদাছিতো শনি ভয় তাহাংক নপায়।
সাস্ত্ৰৰ বছন হেন মুনিগনে কয়॥
অনন্তৰে জগন্নাথ ভৈলন্ত মেলানী।
পাঞ্ছঁ ভাই দ্ৰৌপদীক বুলি পৃয় বাণী॥ ৩৬৭
বন্দো মহামুনি ব্যাস তপস্বী তিলক।
মহামুনী পৰাশৰ যাহাৰ জনক॥
বেদ শাস্ত্ৰ মাঝে নীষ্ঠ সুদ্ধ বুদ্ধি ধিৰ।
নিল পদ্ম বৰ্ণ জিনী কোমল শৰীৰ॥ ৩৬৮
সিৰে শোভা দেন্ত কনকৰ জতাভাৰ।
বিসাল সৰীৰ পৰিধান বাঘাম্বঁৰ॥
বাল্যকাল হন্তে যাৰ তপস্যা সম্পঁতি।
তাহান চৰনে কৰোঁ অসেষ প্ৰনতি॥ ৩৬৯
অৰন্য পৰ্ব্বৰ ইটো শ্ৰীবৎস অক্ষান।
জানোবা নজানো আমি কৰিলো বাখান॥
অজ্ঞানীৰ পদ বুলি নকৰোক হেলা।
অনায়াসে সুনাইতো গোবিন্দৰ লিলা॥ ৩৭০
দ্বিজ গুৰু পিত্ৰি মাতৃ প্ৰনামি চৰন।
দ্বিজ চাৰুচন্দ্ৰে কৰোঁ পুথি সমামন॥ ৩৭১