পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
শ্ৰীবৎস চিন্তাৰ বনবাস

যত দিন গ্ৰহ মন্দ আচন্ত তোমাৰ।
বঞ্ছিয়োক তত দিন গৃহতে আমাৰ॥
পুনঃ বসুমতি স্বামী হৈবা নৰপতি।
সন্তাপ এড়িয়ো বাপ চিন্তাৱতি প্ৰতি॥
মোৰ বোলে আন থানে নেলাগে জাবাক।
এক স্তন দুগ্ধ আমি ভুঞ্জাবোঁ তোমাক॥ ২২৯
এহি বন এড়ি যদি জাস নৰপতি।
নিচ্ছয় সনিয়ে তোক ঘতাৱে দুৰ্গতি॥
হেন শুনি বোলে মাতা আদেস তোমাৰ।
থাকিবোঁহো যতকাল দুঃখ নোহে পাৰ॥ ২৩০
অনন্তৰে থাকিলন্ত শ্ৰীবৎস তহিত।
অনুক্ষনে দহে দেহা চিন্তাৰ সোকত॥
মনোৰথ নন্দীনী যতেক দুগ্ধ পায়।
দুধাৰৰ দুগ্ধতে ধৰনি আদ্ৰ হয়॥ ২৩১
নিজ হাতে মহাৰাজ দুই পাট ধৰি।
দুগ্ধতে মৃতিকা পঙ্ক কৰে যত্ন কৰি॥
শ্ৰীবৎস নৃপতি চিন্তা সতী নাম স্মঁৰি।
তাল বেতালক সিদ্ধ মনত বিচাৰি॥ ২৩২
দুই পাট যোৰা কৰি গাঁথন্ত ৰাজন৷
হেন মতে স্বৰ্ণ পাট কৰন্ত নিৰ্ম্মান॥
সহস্ৰ সহস্ৰ পাট কৰি হেন মতে।
পুনৰপী পৰিলন্ত সনির মায়াতে॥ ২৩৩