পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
শ্ৰীবৎস চিন্তাৰ বনবাস।

এহি বুলি চিন্তা ৰাণী নৌকাত ধৰিলা।
তেবেতো তৰণি খান কতো দুৰে গৈলা॥ ১৯৩
দক্ষিন সাগৰে জান্ত এড়াই নৌকাখানি।
জানিল মনুষ্য মোহে এহি কন্যাখানি।
আৰু কোনো থানে যদি হেনয় হোৱন্ত।
ইহাংক ৰাখি লেলগে সংকা নাহিকন্ত॥ ১৯৪
আস্তে বেস্তে সদাগৰী চিন্তাক ধৰিলা।
নৌকাত তুলিয়া শীঘ্ৰে নাৱ বাহি দিলা।
শুনা যুদ্ধি স্থিৰ ভুপ দৈবেকি নকৰে।
তোমাতো অধিক দুখ শ্ৰীবৎস ৰাজাৰে॥ ১৯৫
শুনি হেন কথা পাছে কহে কৃষ্ণ প্ৰতি।
অমৃত অধিক লাগে তোমাৰ ভাৰতি॥
কৈয়ো প্ৰভু চিন্তাৰ হইল কিবা গতি।
কিনুৰুপে বঞ্ছিলন্ত শ্ৰীবৎস নৃপতি॥ ১৯৬
হেন শুনি বোলে হাসি যসোদা-কুমাৰ।
সুনিওক মহাৰাজ সংখেপ ইহাৰ॥
নৌকাৰ উপৰে যেবে সাধু তুলি লৈলা।
মহা দুখ ভয়ে চিন্তা বিয়াকুল ভৈলা॥ ১৯৭
কাম্পঁন্ত কদলি যেন প্ৰচন্দ বতাসে।
ধলো পৰো কৰে যেন সক্তি নাহি গাতে॥
কান্দিলা অনেক দেবী পূৰ্ব্ব কথা স্মঁৰি।
ভৎৰ্সন কৰিলা তাংক দুস্ত সদাগৰি॥ ১৯৮