পৃষ্ঠা:শ্ৰীবৎস চিন্তাৰ বনবাস.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
শ্ৰীবৎস চিন্তাৰ বনবাস।

শুনী মহাজন মনে কৰে উতপিত।
আপুনি চলিল সিতো চিন্তাৰ কাসত॥
গলে বস্ত্ৰ দিয়া সাধু কৰিছে কাকুতি।
চৰনে পসিলোঁ দেবী ৰক্ষা কৰা সতী॥ ১৮৮
অনেক কাপুৰ্ণ্য কৰি বোলন্ত বিনয়।
হেন দেখি নসহিল চিন্তাৰ হৃদয়॥
কেন মতে জাঁও মই স্বামী নাই ঘৰে।
নিষেধ আচন্ত মোক পৰে জাই বাৰে॥ ১৮৯
গুণি ভাবি মনে চিন্তা কৰিলন্ত সাৰ।
কাতৰ সৰনাগতে কৰিবোঁ উদ্ধাৰ॥
বেদ শাস্ত্ৰে মুনি মুখে সুণী আচোঁ আমি।
ইটো কৰ্ম্মে জানো দোষ নেদিবন্ত স্বামী॥ ১৯০
যি বোলে বোলোক ৰাজা সদ কৰ্ম্ম লাগি।
চৰনে ধৰিয়া আপৰাধ লৌবোঁ মাগি॥
সাত পাঞ্চঁ ভাবি চিন্তা মনেবিমৰিষি।
চলি জান্ত সাধু সমে দেৱঁকৰি সাক্ষি॥ ১৯১
উপনিত ভৈল যথা ঘাটে আছে তৰি।
যোৰ হাতে কহে চিন্তা প্ৰদক্ষিন কৰি॥
নিস্তে নিস্তে জানো যদি স্বামী মাত্ৰ গতি।
হঁও যদি যেবে মই পতিব্ৰতা সতি॥ ১৯২
কায়মন চিত্বে সেবোঁ স্বামীৰ চৰণে।
তেবে তৰি জাওক ভাহি মোৰ পৰশনে॥