পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
শ্ৰীক্ষেত্ৰ।


 

১২। সত্ৰভোগ বিতৰণ দৃশ্য।

 প্ৰভু জগন্নাথক দৈনিক সাত সন্ধ্যা ৫৬ প্ৰকাৰ উপচাৰে ভোগ দিয়া হয়। এই সাত সন্ধ্যাৰ ভিতৰত মধ্যাহ্ন সময়ত সত্ৰভোগ নিবেদন কৰা হয়। অৱশিষ্ট নিবেদিত সত্ৰভোগ ভোগ-মণ্ডপলৈ আনা হয়। তাৰ পাচত দিহা দিহি কৰি মেঘনাদৰ ভিতৰত থকা সকলো ৰাইজকে ভোগ বিতৰণ কৰা হয়। সেয়ে য’তে যেনে ভাৱে আছে তেনে ভাৱে ভোগ হাত পাতি লয়। তভাগ বিতৰণৰ সময়ত জাতি, অজাতি, সুখী, দুখী, ধনী, নিৰ্ধনী, সাধু, অসাধু, ভকত অভকত, দীন, দৰিদ্ৰ, পাত্ৰ, অপাত্ৰ একো বিচাৰ কৰা নহয়। সকলোৰে সমান অধিকাৰ, কোনো ডাঙৰ সৰু নাই। এয়ে হৈছে সাম্য ভাৱৰ পৰিচয়। এই সাম্য মূৰ্ত্তি দেখি জীৱৰ প্ৰতি দয়া আৰু ভগৱন্তৰ কৃপা অনুভৱ কৰি ভাবুক কৃতাৰ্থ হয়। জীৱৰ প্ৰতি ভগৱন্তৰ দয়ালু ভাৱ অনুভৱ কৰি ভকত সকল ভাৱত গদ গদ হয় আৰু শক্তি অনুসৰি আতিকা বন্দন কৰি জীৱনত শান্তি লাভ কৰে। আতিকা বন্দন কৰি জীৱ মাত্ৰতে শিৱ জ্ঞান কৰে।


 

১৩। স্নানৰ দৃশ্য।

 স্নানৰ তিথিৰ দিনা তিনিওজনা বিগ্ৰহ বাদ্য বাজনা বাই কীৰ্ত্তন কৰি স্নান মণ্ডপলৈ বৰি আনে। স্নান মণ্ডপত বলৰামে বলৰামৰ বেদীত, সুভদ্ৰাই সুভদ্ৰাৰ বেদীত আৰু জগন্নাথে জগন্নাথৰ বেদী আৰোহণ কৰি স্থিতি হৈ থাকে। আগ দিনা খনেই অধিবাস কৰি