পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীক্ষেত্ৰ।

ভোগ বাহিৰ কৰি আনে। প্ৰসাদ আদি নি মন্দিৰ পৰিস্কাৰ কৰাৰ পাচত জগন্নাথ দেৱে বিশ্ৰাম লয়। এই বিশ্ৰামৰ সময়ত যাত্ৰী সকলে জগন্নাথৰ দৰ্শন স্পৰ্শন আদি কাৰ্য্য সমধা কৰে।

 ৬। সত্ৰভোগঃ—এই ভোগ নিবেদন কৰাৰ আগেয়ে জগন্নাথক পুৱাৰ কাপোৰ কানি সলাই নতুন কাপোৰ কানি পিন্ধায়। এই সত্ৰ ভোগত অন্ন, খেচুৰি ডালি, তৰকাৰী আদি নানান প্ৰকাৰ নৈবেদ্য নিবেদিত হয়। ভোগ নিবেদন কৰাৰ পাচত আৰতি কৰি অৱশিষ্ট সকলো প্ৰসাদ বাহিৰলৈ আনি মন্দিৰৰ মেঘনাদৰ ভিতৰত থকা সকলোকে বিতৰণ কৰা হয়। এই সত্ৰ ভোগৰ পৰা কোনোৱে বঞ্চিত নহয়।

 ৭। মধ্যাহ্ন ভোগঃ—এই ভোগত ঘিউ অন্ন, পয়তা অন্ন, ভজা মুগৰ ডালি, ভাজি, পিঠা, লাড়ু, গজা, খুৰমা, সৰ, দুগ্ধ, চৰবৎ, চুজিৰ পায়স আদি নানান ভোগ নিবেদন কৰা হয়।

 ৮। জগন্নাথ দেৱৰ পহোৰঃ— মধ্যাহ্ন ভোগৰ পাচত জগন্নাথ দেৱে অলপ সময় বিশ্ৰাম লয়। বিশ্ৰামৰ পাচত আৰতি কৰা হয়। এয়ে পহোৰ সেৱা।

 ৯। সন্ধ্যা ভোগঃ–সন্ধাৰ সময়ত দুপৰীয়াৰ কাপোৰ সলাই দি নতুন কাপোৰ পিন্ধায়। কাপোৰ পিন্ধোৱাৰ লগে লগে আৰতি কৰে। তাৰ পাচত ভোগ নিবেদন কৰে। এই ভোগত আদা, দৈ, লোণ আদিৰে মিহলি কৰা পয়তা অন্ন, ছাকৰা, পিঠা, মালপোৱা, খৰচুৰ লাড়ু, আৰু নানান মিষ্টান্ন ভোগ দিয়া হয়।