পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেবে শ্ৰীকৃষ্ণ। বনৰ পহু, চাপৰিৰ গাই ঠৰ লাগি ৰয়! হাঁফলুৰ ওপৰত-উঠি কৃষ্ণই লাওবাহী বজায়, গাঁতৰপৰা ওলাই ফেঁটী সাপে মুগ্ধ হৈ ফণা নচুৱায়, আৰু বাঁহীৰ চেৱে-চেৱে চকু-পিৰিকিয়াই ভাবত বিভোল হয়। নিশিকোৱাকৈ কৃষ্ণই সেইদৰে মোহন বাঁহী বজাবলৈ শিকা দেখি, ব্ৰজ বাসীয়ে বিস্ময় মানিছিল। আৰু, উপজি আহোঁতেই যেন কৃষ্ণই মুখত বংশী লৈ আহিছিল, এনে অতিপ্ৰাকৃতিক ধাৰণাত গোপ গোপিনী ব্ৰজ- বাসীয়ে কৃষ্ণৰ আন এটা নাম বংশীবদন থৈছিল। অদ্যাপি শ্ৰীকৃষ্ণৰ শিশু-লীলাৰ মহিমাত মুগ্ধ ভক্তদে তেওঁক বংশীবদন ৰূপে পূজে। চতুৰ্থ ছেদ। মুৰুলীধৰ,বেণুধৰ। বৃন্দাবনলৈ আহিবৰপৰা কৃষ্ণৰ বাঁহীত ৰপ বেচি হবলৈ ধৰিলে। তেওঁ নিজে ভাবি নিজে সাজি শিঙা, পেঁপা, বাহী, বেণু, মুৰুলী, তাওবাহী আদি কেইবাবিধবা বাদ্য উলিয়ালে। তাৰ ভিতৰত বেণু, হী আৰু মুৰুলী আটাইতকৈ উত্তম। মুৰুলীৰ বাদন শুনে’ত'ৰ হিয়াত গুৰগুৰকৈ বাজি উঠ! এই মুৰুলী বজাই শ্ৰীকৃষ্ণই বৃন্দাবন উপ- নিবেশী ব্ৰজবাসীৰ মনপ্ৰাণ নচুৱাই ৰাখিছিল। মুৰুলী মুখত লৈ কৃষ্ণই পাক দি দি বজাবলৈ ধৰে, গোপ লৰা-ছোৱালীবোৰে সেই পকে-পাকে উলীকৃত হৈ নাচে! কৃষ্ণৰ বেণুৱে বৃন্দাবনত ব্ৰজৰ গোপিনীক এনে দৰে মোহিত কৰিছিল যে, পাচলৈ কৃষ্ণই য’তে বেণু বজায়, গোপিনীবৰ্গে হাতৰ বন-বাৰী পেলাই তলৈকে উধাও হৈ ঢাপলি ধৰে; তাতে সেই