সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বংশীবদন। ভালেমান লক্ষণ দেখা পাই আহিছিল; গোকুলৰ গোটাচেৰেক অতি আচৰিত ঘটনাই সিবিলাকৰ সেই ধাৰণা ইতিপূৰ্বেই ডাঠ, কৰি থৈছিল। এতিয়া বৃন্দাবনত সাক্ষাতে কালিয়-দমন” আৰু “বনাখি-পান”ৰ নিচিনা অদ্ভুত কাৰ্যে গোপ-গোপিনী ব্ৰজবাসীসকলৰ অন্তৰত সেই অলৌকিক ভাব আগতকৈও ডাঠ, কৰিলে। বাস্তৰতে, গাৰ বল, মনৰ উৎসাহ, বুদ্ধিৰ প্ৰভাৱ, কাৰ্য্য-কৌশল, সাহ-পিত, দূৰদৰ্শিত আদি গুণৰ পৈণত পূৰ্ণকলা অকালত বিকাশ হোৱালৈ লক্ষ্য কৰিলে, কৃষ্ণত অলৌকিকতা নুবুলিওে অতিপ্ৰাকৃতিকতা ফটফটীয়াকৈ ক্ষিত হয়। সি যি হওক, কালিয়-দমন” আৰু “বনাগ্নি-পান” ঘটনাৰ প'চৰপৰা বৃন্দাবন উপনিবেশী ব্ৰজবাসীৰ কৃষ্ণ-প্ৰেম আৰু কৃষ্ণাসক্তি কৃষ্ণ-ভক্তিত পৰিণত হল; সিবিলাকে তেতিয়াৰপৰা সকলো বিষয়তে শ্ৰীকৃষ্ণৰ নেতৃত্ব মানি চলিবলৈ ধৰিলে। তৃতীয় ছেদ। বংশীবদন। গোকুলত থাকোতেই আপোনা-আপুনি শিশু কৃষ্ণই পেপা আৰু সহী বজাবলৈ শিকিছিল। বৃন্দাবনত কৃষ্ণই নাচি নাচি পেপা বজায়, লগৰীয়া লৰা-ছোৱালীবোৰে তাৰ চেৱে-চেৱে নাচি উধাও হয়। কদম গছৰ গাত ভেজনি দি তিনিভঙ্গীয়া শ্ৰীকৃষ্ণই বাহী বজায়, ভালৰ চৰাই, (ক) হৰিবংশ, ৬৬ আধ্যা। (খ) বিষ্ণুপুৰাণ, ৫ম খণ্ড। (গ) পদ্মপুৰাণ, কৃষ্ণলীলা খও। (ঘ) পুৰাণ, প্ৰভাস খও।