সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ছেদ। কালিয়-দমন। * গোল এৰি অহাৰপৰা বছৰচেৰেকৰ পাচতে দেখা গল যে, বৃন্দাবনতো ব্ৰজবাসী নিৰাপদ নহয়। ইয়াতত ভালেমান বনৰীয়া জন্তুৱে গোকুলৰ দৰেই গোপৰাজ্যৰ নানা প্ৰকাৰ অপকাৰ কৰিবলৈ ধৰিলে। গোকুলৰ বন-মানুহতকৈও একাচী চৰা দুৰ্দান্ত বৃন্দাবনৰ কিছুমান বন- মানুহে ব্ৰজবাসীৰ প্ৰতি অহিত আচৰণ কৰিবলৈ ধৰিলে। বিশেষকৈ, সেই অহিকাৰী জন্তু আৰু মানুহৰপৰা ৰাম-কৃষ্ণৰ জীৱন আকৌ শঙ্কাকুল হৈ পৰিল। সেই কাৰণে, বৃন্দাবনৰ পমুৱা গোপ ব্ৰজবাসীয়ে ছেগ পালেই আকৌ আন কোনো নিৰাপদীয়া ঠাইলৈ বসতি লৰাবৰ অৰ্থে গুণাগথা কৰিবলৈ ধৰিলে। পিচে, সেই কথাৰ সম্ভেদ পাই, ইহাতে বৃন্দাবনপ্ৰাণ কৃষ্ণয়ে পাৰ্যমানে সেই শুক্ৰবোৰক বিনাশ কৰি গোপ-ৰাইজক নিৰাপদ কৰিবলৈ তলে তলে উপায়-যুগুতি কৰিবলৈ ধৰিলে। গুৰিতে উনুকিয়াই অহা হৈছে যে, বৃন্দাবনত নাগ নামে এজাত বন-মানুহৰ বসতি আছিল। সিহঁতৰ মাজৰে কালিয় নামে এটা অতি দুৰ্দান্ত আৰু সৰ্পসদৃশ ভীষণ প্ৰকৃতিৰ প্ৰতাপী মানুহ নাগৰাইজৰ ঘাই নেতা বা ৰজা আছিল। তাৰ প্ৰতাপত সদৌ নাগ-ৰাইজ

  • শ্ৰীমদ্ভাগবত, দশম স্কন্ধ, ১৬শ অধ্যা, ১৫৬ শ্লোক।