কৃষ্ণ। 68
যথাসময়ত টাম্বু বা টঙ্গি ঘৰবোৰ তুলি লৈ গাড়ীত ভৰা দি, গৰু- গাই, লৰা-ছোৱালী আদিৰে সৈতে বাৰিষাৰ আগতে গোপবৰ্গ গোকুল এৰি গৈ বৃন্দাবনত থিতাপিত হলগৈ। এই ঠাই-সলনিত এনে বোধ হল, যেন ইফালে ৰাম-কৃষ্ণৰে সৈতে ব্ৰজবাসীৰ আগমনত বিতোপন বৃন্দাবনৰ জৈউতি আৰু এচিপ চৰি উঠিল সিফালে ৰামকৃষ্ণ আৰু ব্ৰজৰ গোপ-গোপিনীৰ বিহনত উছন গৈ এৰা-পৰা এৰা-বাৰীৰ দৰে গোকুলৰ শেভ তো পৰিল। গোকুল এৰি যাওঁতে ব্ৰজবাসীয়ে প্ৰাণত বৰকৈ ব্যথা পাইছি। বিশেষকৈ, ৰা-কৃষ্ণৰ প্ৰাণে বৰকৈ কান্দিছিল। সিবিলাকে এখোজ আগলৈ অৰু এখোজ পিচলৈ কৰি হে গোকুল এৰিছিল। যি হওক, বৃন্দাবনে বেনিবা তাৰ আশু প্ৰতিকাৰ সাধিব পাৰিলে বৃন্দাবনৰ মনোমোহা দৃশ্য, গৰু-গাই আদি পালিবৰ মুলাদি আৰু গোপ-উপনিবেশ উপযোগিতই সিবিলাকৰ মনৰপৰা সেই আক্ষেপ সোনকালে নিল। কৰিলে। ঘাইকৈ বৃন্দাবনৰ অতুলনীয় স্বাভাবিক শোভা-সৌন্দৰ্য্যই ৰাম-কৃষ্ণৰ অন্তৰত অনুপম সুখ-শান্তি বিস্তাৰ কৰিলে। বৃন্দাবনৰ লাৱণ্য ঘনশম কলেৱৰত বিবিধ সোণালি গুটীফুলৰ আবৰণে বঢ়োৱা জেউতি বাস্তৱতে অনুপম। কৰুণন'দিনী মঙ্গলবাহিনী সুগভীৰ সুপ্ৰসন্ন কৃষ্ণনলিলা কালিন্দীৰ কুলু কুলু সুৰত সুৰ দিনা বৃন্দাবনৰ কুলি-কণ্ঠৰ সুললিত প্ৰা কতিক গীতে তাপিতৰ হিয়া শত কৰে। বৃন্দাবন উদ্যানৰ কাষৰে ভিতৰে চৌপাশে ৰঙ্গা, নীলা, সেউজীয়া, হালধীয়া ফুল-ধৰা আৰু জালি-কটা কুঁহিপাত মেলা চিৰিলিপতীয়া শাৰী শাৰী নিকুঞ্জ মন্দিৰৰ শীতল ছয়াই স্বভাৱতে মানৱাত্মক আপোন-পাহৰ কৰে! কদম, তমাল, নাহৰ, বকুল, কাঞ্চন, পলাশ, শেৱালি আদি বিবিধ বিতোপন ফুল-গছ-গছনিৰ হৃদয়-জুৰোৱা স্নিগ্ধ শোভাই বৃন্দাবনলৈ