পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোপাল কৃষ্ণ। উপায় চিন্তিবলৈ ধৰিলে কেনেকৈ নো গোকুলৰ অপায়-অমঙ্গলৰপৰা আঁতৰ কৰি কৃষ্ণক নিৰাপদে ৰাখিব পাৰি। এইদৰে, ব্ৰজগোকুলত বসতি কৰা কালত দুটি দামকলৰ পুলি উঠাদি উঠি ৰম-কৃষ্ণই সাতবছৰীয়া বয়সত ভৰি দিলে (১)। এনেতে, কৰবাৰপৰা কুকুৰনেচীয়া বাঘ এঢল গোকুলত সোমালহি। সেই বাঘবোৰ জাকত সোমাই গৰু পোৱালি ধৰি খাই গোপবিলাকৰ না পয়মাল কৰিবলৈ ধৰিলে (২); ইহাতে বাঘৰ-নেজত-ধৰা অসম সাহসী কৃষ্ণই আকৌ সততে ছেগ বুজি বাষ বিচাৰি যোৱা হল! সেই কথাত ব্ৰজবাসী গোপসকল অতিকৈ আশঙ্কিত হৈ, অগত্যা এদিন নন্দৰ চৰাত চাপি সদুপায় আলোচনা কৰিবলৈ বহিলগৈ। আলোচনাত উ নন্দ নামে এজন জ্ঞানী বৃদ্ধ গোপৰ প্ৰস্তাৱ মতে এই স্থিৰ হল যে, যিমান সোনকালে পৰা যায়, গোকুল এৰি গোপবৰ্গ আন কোনো অচল ঠাইলৈ উঠ যাব লাগে। সকলো প্ৰকাৰৰ সংৰলৈ চাই, বৃন্দাবনেই সেই সুচল ঠাই বুলি সিদ্ধান্তত উঠিল (৩.। আৰু, সেই সিদ্ধান্ত কৃষ্ণৰে। মনোমত হাৰত বৃন্দাবনলৈকে সেই পৰা গোপবৰ্গ কুেলৰপৰা উঠি গৈ অনতিপলমে নতুনকৈ পাম পাতিবগৈ লাগে বুলি গোপাজ নন্দৰ আদেশ প্ৰচাৰ হল। (৪) (১) বিষ্ণু:, পঞ্চম খণ্ড, ষষ্ঠ পৰিচ্ছেদ। (২) হব, বিপৰ্ক, ৬৪ অধ। (৩) হবিবংশ, বিষ্ণুপৰ্ব; ৬৫ আধ্যা। (৪) শ্ৰীমদ্ভগৱত, দশম স্কন্ধ, ৯ম আধা। হবিবংশৰ বিষ্ণুপৰুৰ ৬৪ আধাত বৰ্ণেৱা ৰাম-কৃষ্ণ। গাখীয়া জীৱন মতে, শোপবৰ্গে চিন্তা-আলোচনা কৰাৰ আগেয়েই কৃষ্ণই এই বিষয়ক প্ৰস্তাব বলবামৰ আগত ব্যক্ত কৰিছিল।