পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ বৰ্ণনাশ্ৰম লাঘৰ কৰিলে। তাৰ পাচত, ৰাম-কৃষ্ণই অতি আদৰেৰে দদায়ক অঙ্কুৰক দুয়ো দুহাতে ধৰি নন্দালয়লৈ গৈ গল। বাম-কৃষ্ণই পিতা নন্দৰাজৰ আগত যাদৱ ৰাজকোৱৰ অৰক ভেটাই দি, মাক যশোদা আৰু ৰোহিণীৰ ওচৰত সকলো কথা সঙ্কেতত ভাজি কলেগৈ। তাৰ পাচত, আতিথ্য সৎকাদিৰ বিষয়ে যুগুত দিহা দি, গৰু চপাবৰ পৰত ৰাম-কৃষ্ণ ঘূৰি গৰখীয়াশালি পালেগৈ। ইফালে ৰাজযোগ আতিথ্যত পৰিতুষ্ট হৈ, জিৰণি লোৱাৰ চেগতে অকুৰে তেওঁৰ বৃন্দাবন- আগমনৰ উদ্দেশ্যৰ বিষয়ে নন্দৰাজত বিবৰি কবলৈ ধৰিলে। (১) ১) হৰিবংশ, বিষ্ণুপ, ৮১ অধ্যা।