১৬৯ অৰৰ বৃন্দাবন যাত্ৰা। নালে (১)। বাল্য-যৌৱনৰ সন্ধস্থলত চেমনীয়া কৃষ্ণৰ মদনমোহন ৰূপ দেখি অকুৰ বিমোহিত হল, আৰু তেওঁ আপোনমনেৰে এই বুলি কৃষ্ণৰূপ বখানিবলৈ ধৰিলে, “এয়ে সেই মহামহীধৰদেহ পূৰ্ণপয়োদপ্ৰতিম সিংহ বিক্ৰম কমললোচন শ্ৰীকৃষ্ণ! পীতবস্ত্ৰ পৰিধান কৰাত যাৰ মনোমোহ দেহৰ কান্তিয়ে মদনকো মনোবদনা দিয়ে, তেওঁৱেই সনাতন বিষ্ণু। অহ, এওঁৰ সোঁ-হাতখনি চক্ৰধৰণৰ উপযোগী যেন মনে ধৰিছে। ৰাওঁহাতখনি যেন গদাধৰণলৈ হে গঠিত হৈছে। এই গোপালৰূপী ভগবানেই নিস্তেজ যদুবংশক পুনৰপি সতেজ কৰিব। এওঁ এই বসুধাত অৱস্থান কৰি জগতক বশীভূত কৰি ৰজা নহৈও ৰাজাধিৰাজ হব। এওঁৰ বাহুবলেই যে কংসক ধ্বংস কৰি পুনৰপি বৃদ্ধৰাজ উগ্ৰসেনক ৰাজপাটত বহুৱাব তাত শংসয় নাই। মই আজি মনোমধ্যত বিহিত মন্ত্ৰোচ্চাৰণেৰে সেই বিষ্ণুৰ বিষ্ণুত্ব এই কৃষ্ণদেহত অৰ্পণ কৰি যথাবিধি পূজা কৰিম। এয়ে মোৰ আজি মহাসংকল্প। তাৰ পাচত, ৰাতিকৈ ৰাম-কৃষ্ণক স্বয়ং নিজানত চপাই লৈ সিবিলাকৰ আচল পিতৃ-মাতৃ বসুদেৱ-দৈৱকীৰ দুখ-দুৰ্গতি আৰু দুৰাচাৰ কংসৰ অত্যাচাৰৰ কথা বিবৰি কম।” সূক্ষ্মদশী তীক্ষ্ণবুদ্ধিৰ শ্ৰীকৃষ্ণে ভক্ত অকুৰৰ ভাব- গতি বুজি অগ্ৰজ বৰামৰে সৈতে আগ বাঢ়ি গৈ ওচৰ চাপি চিনাকি দি তেওঁৰ আগমনৰ উদ্দেশ্যৰ সন্ধান ললেগৈ। অকুৰে চমুকৈ দুই-চাৰি কথাৰে সমিচাৰ দিওঁতেই মতিমান শ্ৰীকৃষ্ণই সঙ্কেতত সবিশেষ বুজি উঠি, বলৰামক একে-আষাৰে আদ্যোপান্তৰ আভাস দি, আগন্তুক আলহীৰ () বৰ্ণমবপ্ন ত্য সোহবঃ মেহবিল। পোত চবণোপান্তে দণ্ডবদ্ৰ মকৃষ্ণয়োঃ।” -শ্ৰীমদ্ভাগবত, দশম, ৩৮ আধ্যা, ৩১ শ্লোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯৮
অৱয়ব