পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬১ কৃষ্ণবধৰ মন্ত্ৰণা।

কোৱৰদ্বয়ক অনতিপলমে মথুৰত উপস্থিত কৰাবহি লাগে। সিবিলাক নিতান্ত যদি নাহে, তেন্তে মই বলেৰে ধৰাই আনিবলৈ বাধ্য হন। কিন্তু, পাৰিতপক্ষে সংখ্ৰীতিৰে সৈতে উদ্দেশ্য সাধন কৰাই শ্ৰেয়ঃ, এতেকে পোনতে মিঠামুখেৰে মাস্তি কৰাবলৈ চাব লাগে। হে দানপতি! অধিক আৰু তোমাক কি কম, যেনেতেনে উপায়েৰে তুমি ৰাম-কৃষ্ণক বৃন্দাবনৰপৰা মথুৰালৈ আনি দি মোৰ অনুগ্ৰহভাজন হবলৈ চাবা।” বুদ্ধিমান যাদৱ কোৱৰ অৰক সেই বাব যা মাত্ৰে তেওঁ আনন্দমনেৰে ৰাজ-আজ্ঞা শিৰোৰ্য বুলি গ্ৰহণ কৰিলে, আৰু অনতিপলমে বৃন্দাবন যাত্ৰা কৰিবলৈ প্ৰতিশ্ৰুত হল। (১)

   যাদৱ কোৱৰসকলৰ ভিতৰত অকুৰ এজন অসাধাৰণ ৰাজনৈতিক পণ্ডিত, অতিশয় ধৰ্মপৰায়ণ পুৰুষ, প্ৰম বৈষ্ণব, সুচতুৰ সমাজনেতা, আৰু বিচক্ষণীয় যোদ্ধা। সম্বন্ধত তেওঁ শ্ৰীকৃষ্ণৰ দদায়েক হয়। গতিকে, পিক বসুদেৱক পঠিয়াব নোৱাৰাত, দদায়েক অঙ্কুৰকে ৰাম-কৃষ্ণক বৃন্দাবনৰপৰা মথুৰালৈ অনাৰ বাব দিয়া যায়। অকুৰে উলাহেৰে সেই বব গ্ৰহণ কৰাত কংসৰাজৰ মনত বৰ আনন্দ লাগিল, আৰু ৰাম-কৃষ্ণক সুকৌশলেৰে মথুৰালৈ জনোৱা বিষয়ত তেওঁ নিশ্চিন্ত হল; কিয়নো অকুৰৰ বুদ্ধি-কৌশলত তেওঁৰ অটল বিশ্বাস আছিল। কিন্তু, সেই বাব গ্ৰহণ কৰাত অকুৰৰ আনন্দ কিয়, বৃন্দাবনযাত্ৰালৈ অকুৰ কিয় উলাহিত হৈ ওলাইছিল, তাৰ গূঢ়াৰ্থ পাপমতি কংসৰজাই নুবুজিলে। এহাতে, কংস ৰজাৰ অত্যাচাৰত যাদৱসকল জৰ্জৰিত, দৈৱকী-বসুদেৱৰ প্ৰতি পাশৱ ব্যৱহাৰত মথুৰাবাসীৰ মৰ্মান্তিক সহবেদনা, “মথুৰাৰ কামু গোকুলত ভানু উদয় হোৱা বাবে যাদৱ বংশৰ অপমান ইত্যাদি কথাত

(১) হৰিবংশ, বিষ্ণুপ, ৭৮ আধ্যা।