পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩। আধ্যা।

0 ৪

কৃষ্ণবধৰ মন্ত্ৰণা। শ্ৰীকৃষ্ণৰ কীৰ্তিকলাপ বিষয়ক বা-বতৰা ক্ৰমাৎ ভাৰতৰ চৌপাশে ৰৈ-বৈ যাবলৈ ধৰিলে। শিশু কৃষ্ণৰ অসাধাৰণ বল-বীৰ্য্য, অদ্ভুত প্ৰতিভা, আচৰিত বুদ্ধি, অতিশয় লোকৰঞ্জকত, অযাচিত নেতৃত্ব ইত্যাদি বিষয়ক যশস্য ভাৰতময় ৰাষ্ট্ৰ হৈ পৰিল। চেমনীয়া শ্ৰীকৃষ্ণৰ অপূৰ্ব কৌশল, অসামান্য বিক্ৰম আৰু তেওঁৰ দুৰ্জয় গৰখীয়া সৈনিক- দলৰ অখণ্ড প্ৰতাপত ঠাৱৰিব নোৱাৰি ভয়ঙ্কৰ নাগজাতি প্ৰমুখে বৃন্দাবনৰ আদি-অধিবাসাবিলাকো তেওঁৰ আজ্ঞাধীন হৈ পৰিল। পাঁচ মাইলমানৰ মাথোন আঁতৰত, মথুৰাত সদায় সশঙ্কিত কংস ৰজৰ শহা-কাণততা কৃষ্ণ-বিক্ৰমৰ কাহিনী সম্বনে পৰিবলৈ ধৰিলে। গতিকে, তেওঁ কেতিয়াবাৰেপৰা সেই জুই যেন হৈ বাঢ়ি অহা কৃষ্ণৰ প্ৰতাপ কাহিনীৰ সম্ভেদ পাই বিচলিত ক্ৰমাৎ হৈ আছিল। কালিয়দমন, ধেনুকাসুৰবধ, প্ৰলম্ববধ, বকানুৰবধ, অসুৰবধ, কেশীবধ, অৰিষ্টাৰবধ, ব্যোমাসুৰবধ, ইত্যাদি ঘটনাৱলী সংক্ৰান্ত শিশুকৃষ্ণৰ বলবীৰ্য্য; ইন্দ্ৰযজ্ঞভঙ্গ, গোৱৰ্দ্ধনধাৰণ, ৰাসযাত্ৰা, দোলনযাত্ৰা আদি ধৰ্ম আৰু সমাজ সংস্কাৰমূলক অসাধাৰণ অনুষ্ঠানত চেঙ্গে কৃষ্ণৰ নেতৃত্ব, আৰু গোপ-সৈনিকদল (সংসপ্তক সেনা) সংগঠনাদি সুমহৎ ৰজনৈতিক কাৰ্যাদিত চেমনীয়া কৃষ্ণৰ অদ্ভুত প্ৰতিভা ইত্যাদি বিষয়ক যথাযথ সংবাদ পাই কংস আতঙ্কত উলিবলৈ ধৰিলে। পাছলৈ তেওঁ বৃন্দাবনত চোৰাংচোৱা নিয়োজন কৰি ৰামকৃষ্ণৰ বিষয়ে