পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। ১৫৬ দোৱাই লৈ তাৰ পিঠিত ঔকিল পাৰিবলৈ ধৰিলে। সিও এটা বৰ ওখ-ডাঙ্গৰ আৰু বণী বন মানুহ; শ্ৰীকৃষ্ণৰ কিল-গোৰ খাই শেহত সিও উলটি ধৰিলে। দুইৰৰ মাজত এখন দোৰ্ঘোৰ মাল-যুঁজ লাগিল। যুঁজত বহু পৰলৈকে এজনে আন জনক জিনিব পৰা নাছিল। পিছে, আৰু এখনমান-তামোল-খবৰ-পৰ অকলশৰীয়াকৈ যুঁজি মহাবাহু শ্ৰীকৃষ্ণই সেই অসুৰ হেন দুৰ্দান্ত বনমানুহটোক তলপেলাই লৈ, তাৰ কাণসটাত কিলাকুটী বাদ্যং দি তাক তাতে নিপাত কৰিলে। এয়ে “ব্যোমদৈত্য বধ”।