পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ছেদ। ব্যোমাৰ-বধ। ৰাসযাত্ৰা, গৰখীয়া-সবাহ, দোলনযাত্ৰা আদি বিবিধ আনন্দ-উৎসৱৰ পৰ্বনিৰ্বন্ধ কৰি শ্ৰীকৃষ্ণই পুনৰপি গোপালৰ লীলাত ধৰিলেগৈ। লগৰীয়া গৰখীয়াবৃন্দৰে সৈতে বৃন্দাবনৰ বনে বনে গৰু চৰাই ফুৰি ৰাম-কৃষ্ণই মহা আনন্দেৰে দিন নিয়াবলৈ ধৰিলে। বৃন্দাবনৰ বনশত্ৰু প্ৰায় আটাইবিলাক নিপাত কৰি শ্ৰীকৃষ্ণই গোপ-উপনিবেশ নিৰাপদ কৰাত, এতিয়া গোপ-গোপিনীসকল গৃহস্থালী কাৰ্যত নিশ্চিন্তে মনোেযোগ দিব পৰা হল, গৰখীয়াবিলাক নিৰ্ভয়ে গৰু চৰাই ফুৰিব পৰা হল। গতিকে, বৃন্দাবনত ব্ৰজবাসীৰ সুখ-শান্তি ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে। কিন্তু, বৃন্দাবনবাসীৰ সিমানতো আকৌ এটা নতুন অপায় মিলিল। কৰাৰপৰা আহি এটা অঘাইত চোৰে বৃন্দাবনত গুপ্তবাস কৰিলেহি। তাক কেৱে দেখা নাপায়, কিন্তু তাৰ অপকৰ্ম য’তে-ত’তে দেখা যায়। সি যেন শূন্যে শূন্যে ভ্ৰমে, সকলোৰে মনত এনে ধাৰণা হল। আক, সেই আপাহতে তাক ব্যোম-অসুৰ বোলা হয়। বয়-বস্তু চুৰ কৰাৰ উপৰিও, সি ঘাইকৈ সৰু লৰা-ছোৱালী আৰু গৰু-পোৱালি চুৰ কৰিছিল। অলপ দিনৰ ভিতৰতে সেই অনুৰ যেন চোৰটোৰ অপকৰ্ম্মৰ ফলস্বৰূপে বৃন্দাবনত গৰখীয়া লৰা আৰু গৰু