পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেশীবধ। আগ বাঢ়ি গৈ ফেৰ পাতি ধৰিলেগৈ। কেশীয়েও কৃষ্ণৰ উদ্দেশে মুখ মেলি ঢেটেকাই ঢপলিয়াই আহিল। ইতি অৱসৰতে উপস্থিত বুদ্ধিমান শ্ৰীকৃষ্ণই বাওঁহাতৰ মুঠি সাপৰ গাঁতত ভৰোৱাৰ নিচিনাকৈ ঠাৰিলৈকে কেশীৰ মেলা মুখৰ ভিতৰলৈ সাউৎকৰে সুমাই দি, ক্ৰমাৎ জিবলৈ ধৰিলে (১), আৰু ইহাতে তাৰ দীঘল কেশত ধৰি তাক মাটিত বাগৰাই পেলালে। তাৰ পাচত, তাৰ বুকত গোৰোহনি মাৰি তাক জিভ মেলাই পেলাই লৈ ততালিকে শ্ৰীকৃষ্ণই সোহাতেৰে সেই জিভাত ধৰি বাজলৈ টানি উলিয়াই বাঁহাতৰ কাপোৰ মেৰোৱা মুঠি তাৰ মেলুৰ ভিতৰলৈ ক্ৰমাৎ টানকৈ হেচি সুমুৱাই নিলে। এনে অৱস্থাত অস্থিৰ হৈ সি চটফটাবলৈ ধৰিলে, আৰু অলপ পাচতে উশাহ নিৰোধ হৈ তাৰ তাতে মৃত্যু হল (২। কেশী দৈত্য নিধন হোৱা দেখি, গোপ-গোপিনীসকলৰ মনত অপাৰ আনন্দ মিলিল। এই “কেশীবধৰ আপাহতে শ্ৰীকৃষ্ণক “কেশৱ” বেলা হয়। (৩) (১) “সেইপ্যস্য বক্তেভুজমুত্তৰং স্ময়, প্ৰবেশয়ামাস যথোবগং বিলে।” —মাগত, দশম স্কন্ধ, ৩৭ অধ্যা, ৫ম লোক। (২) “সমেধমানেন স কৃষ্ণবাহনা নিৰুদ্ধবায়ুৰণাং নিক্ষিপন। প্ৰন্নিগাত্ৰঃ পৰিবৃতলোচনঃ পপাতলও বিক্ষিতৌব্য। -মাগত, দশম গন্ধ, ৩৭ অধ্যা, ৭ম শ্লোক। (৩) (ক) বিষ্ণুপুৰাণ, পঞ্চম খণ্ড, ২০ আধ্যা। (খ) হবিং, বিষ্ণুপৰ্ক, আধ্যা।