পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫১ দোলন যাত্ৰা। দোলন-যাত্ৰাৰ উৎসৱ আৰম্ভ কৰে। সেই অৰ্থে, সেই গছৰ ফেৰ- মেলা ডালবেৰত ভালেমান দোলনৰ পাট অৰীয়ে অৰা হয়; আৰু ঠায়ে ঠায়ে মাটিত যোৰ-খুটা পুতি নাগৰদোলা পতা হয়। চৌকোনত চাৰিটা আৰু কেন্দ্ৰস্থলত এটা মাটিৰ ওখ গৰখীয়া-দৌল বন্ধাই দি তাত জুজুকৈ গৰখীয়া লৰা-ছোৱালীয়ে পৰস্পৰে ফাকু চটিয়াই আৰু চেৰেকাপানী মাৰি ৰং-চং হৈ উমলিবলৈ দিহা কৰা হয়। য'ৰ যেনে মন যায়, সি সেইমতে দোলনৰ পাটত বহি জিলি (১) খেদি, কিম্বা নাগৰদোলাত বহি আলাসত ঘূৰি, আৰু পুৰস্পৰে হলিগলিকৈ গৰখীয়া লৰা-ছোৱালীবিলাকে কুৰে সৈতে ৰঙচুৱা দৌলত চৰি উলাহেৰে উৎসৱৰ আনন্দত মগ্ন হয়। তাৰ উপৰিও, গোপগগাপিনী, ৰা-ছোৱালী সকলো সানমিহলি হৈ পৰম্পৰে খেদাখেদিকৈ ফঁাকু সনাসনি কৰি আনন্দত উধাও হয়;-কলিয়া কৃষ্ণ তাৰ মাজত সবাৰকে সমভাবে উলাহ লগাই কেন্দ্ৰৰূপে জিলিকে! এই দোলন-যাত্ৰাৰ উৎসৱ দুদিন ব্যাপি চলে। প্ৰথম দিনৰ আৰু প্ৰথম ৰাতিৰ ৰং-ধেমালিৰ কথা ওপৰত উকিউৱা হৈছে। দ্বিতীয় দিনা সকলোৱে মিলি হোলি-গীত গাই আৰু লগে লগে ফাকুমৰা ধেমালি আদিৰে সৈতে বৃন্দাবন ভ্ৰমণ কৰি, আবেলি গৰু-গাই চপাবৰ বেলিকা কোলাকুলি-চুমাচুমিৰে সৈতে পৰস্পৰে আনন্দ-বিদায় লোৱালুইকৈ ধৰাঘৰি হয়।

00

== (১) ওপৰৰ টকাত ব্যাখ্যা দিয়া দোলনক্ৰীড়া”কে “জিলি বা জিজি খেদা” বোলা হয়। অৰ্থাৎ, দোলনৰ পাটচটাত বহি জিলিৰ দৰে পাখি নেলি ঠেৰে উৰি যোৱাৰ আৰ্হিত ইয়াৰ নাৰ জিঙ্গি-খেদা হৈছে।