পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খেদি নিলে ক’ত ওলোৱাগৈ যায়, চোৱা যাওক। সেই পম্ কেৱল এডলেই নহয়, কেইবাডালো জীয়াৰী-খেদা পম্ লগ পোৱা যায়। কিন্তু, স্বৰূপত যুধিষ্ঠিৰৰ স্থিতি, কুৰুক্ষেত্ৰৰ স্থিতি আৰু ভীষ্মস্থিতিত গৈ ওলোৱা ডাল হে ঘাই পম্। কিয়নো, কুৰুক্ষেত্ৰ যুদ্ধ অৱসানৰ ভাগত ভীষ্মদেৱে শৰশয্যাত পৰি অন্তিমকালত বৃন্দাবনৰ শ্ৰীকৃষ্ণৰূপ দৰ্শন বাঞ্ছা কৰা প্ৰসঙ্গত শ্ৰীকৃষ্ণৰ আদীললাৰ কাল নিৰ্দেশ কৰা যায়; ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ-সভাত, শিশুপাল-বধ প্ৰসঙ্গত, বয়োজ্ঞানবৃদ্ধ মহাত্মা ভীষ্মদেৱে যুক্তি-তৰ্কস্থলত কৃষ্ণ-মাহাত্মৰ বিষয়ে যি আভাস দিছিল, তাৰপৰা শ্ৰীকৃষ্ণৰ মধ্য-লীলাৰ কাল নিৰ্ণয় কৰা যায়; আৰু কুৰুক্ষেত্ৰযুদ্ধৰ আৰম্ভণত পো-প্ৰথম দিনই ভগবান শ্ৰীকৃষ্ণই তেওঁৰ সখি-শিষ্য পুণ্যাত্মা অৰ্জনক গীতা-ধৰ্ম্মৰ মহামন্ত্ৰ দান কৰা ক্ষণৰপৰা শ্ৰীকৃষ্ণৰ অন্ত্যলীলাৰ কাল গণিব পৰা যায়। তাৰোপৰি, সৰ্ব্বশাস্ত্ৰবিশাৰদ জ্যোতিৰ্ধ্বিদ মহাপণ্ডিত ভীষ্মদেৱে শৰশয্যাত পৰি তেওঁৰ ইচ্ছামৃত্যুৰ অৰ্থে যি শুভক্ষণ গণনা কৰিছিল, তাৰ সাহায্যত অঙ্কৰে সৈতে কৃষ্ণস্থিতিৰ কাল স্থিৰ কৰিবলৈকো চল লাগি আছে। এতেকেকো, ভীষ্মস্থিতিত গৈ ওলোৱা ডাল তথ্যখেদ। পম্ হে সবাতকৈ ঘাই। ভীষ্মপ্ৰয়াণৰ ক্ষণ নিৰ্ধাৰিত হৈছিল না নক্ষত্ৰত উত্তৰায়ণৰ স্থিতি- কালত। সেই অনুসৰি, জ্যোতিষী গণনাৰে গণি নিলে ভৗস্থিতি ১৪৩০ খ্ৰীষ্টপূৰ্বাব্দত নিৰ্ধাৰিত হৈ ৰয়গৈ। কিন্তু, সেই কালত সেই শতাব্দীৰ আৰম্ভণ মাথোন। তেতিয়া শ্ৰীকৃষ্ণৰ প্ৰৌঢ়াৱস্থা। এতেকে, তাৰ লগত কৃষ্ণৰ প্ৰৌঢ়াৱস্থাৰ বয়স ৭০ বছৰমান যোগ দিলে, ১৫০০ খ্ৰঃ পুঃ শতাব্দীত কৃষ্ণজন্মৰ কাল নিৰ্ণয় কৰা যায়। ইয়াৰ লগত যুধিষ্ঠিৰৰ স্থিতি আৰু কুৰুক্ষেত্ৰ-যুদ্ধৰ কালো মিলে। বিষ্ণুপুৰাণ, ৪ৰ্থ খণ্ড, ২৪ আধ্যাৰ ৩৩৩৪ শ্লোকত কৈছে-