পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামকৃষ্ণ সেই উপবনলৈ ওলাল। গৈ গৈ, দুপৰৰ আগতে সিবিলাক সেইখিনি পালেগৈ। পায়েই, মুকলি ঘাহঁনিচাপৰিত গৰগাই চৰিবলৈ মেলি দি গোটেই গৰখীয়াল ক্ষন্তেকমান জিৰাবলৈ বহিল। কোকৰ নিমিত্তে সেই ৰম্য উপবনৰ হৃদয়গ্ৰাণ শশাঙ্গদৰ্শন কৰি সকলোটি তব লাগিল। তাৰ পাচত, তৰলমতি গৰখীয়াবৃকে, নানা তৰহৰ নোয়তৰং ধেমালি কৰিবলৈ ধৰিলে। কোনোৰে ৰা উপনৰ ধুনীয়া লতা-বনৰে সৈতে মুকুট সাজি মূৰত পিন্ধি ৰজাৰ আয়মেৰে বহিলে কোনোৱে বা নানাবিধৰ বনফুল তুলি আনি মালা গাঁথিবলৈ ৰহিলে; এটিয়ে হয়তে ঠাপ মাৰি তাৰে এধৰ মালা লৈ পিন্ধি নাচোন ধৰিলে; আনটিয়ে হয়তো। ভীম-কচুৰ পাত এটা ছিলি আনি সিটিৰ মূৰৰ ওপৰত ছত্ৰকে ধৰিলে। কোনোৱে বা বান্দৰ খেদি নি গছত উঠিলেগৈ; কোনোৱে বা গছৰৰ পা ফল পাৰি আনি খাবলৈ বহিলে; কোনোৱে বা তাৰে এটা থপিয়াই লৈ লৰেই মৰিলে। কোনোৱে বা হয়তো আন এটিৰ হাতত চাপৰি মাৰি “মোক কোনে চুব পাৰে” বুলি লৰেই মাৰিলে, আনটিয়ে হয়তো পিচে পিচে খেদি নি কৰবাত উলিয়াইছেগৈ; কোনোটিয়ে তমালৰ ডালত বহি “ৰাম-কৃষ্ণ ৰামকৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে বুলিৰে বাঁহীকে বালে; কোনোটিয়ে হয়তো তাৰ চেৰে-চেৱে উধাও হৈ নাচোনকে ধৰিলে; কোনো লৰাই গৰু-পোৱালি হৈ অহাত পাতি গৰুপহুৰ দৰে উঁপিয়াই ফুৰে, আন লৰাই হয়তো গৰখীয়া হৈ তাক আগচিবলৈ যায়; কোনোৱে বা তোমোৰাৰ দৰে ফুলে ফুলে কোনোই প্ৰেম- গীত গাই ফুৰে, কোনোৰে কুলিক সিয়াৰি তাৰ চেৱে-চেৰে প্ৰতিধ্বনি কৰে; কোনোটিয়ে বা চালি ধৰা ৰাৰ পিছে পিচে নাচি নাচি ঘূৰে। কোনোটিয়ে বা ৰাজহাঁহৰ ঠগেৰে গহনাই খেল ধৰে। কোনোৱে ব পানীত নামি সঁতৰ মেলিছে। কোনোৱে ৰ বুৰমাৰি তলে তলে গৈ