পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

w বগে খেদি অহা দেখি গোটেই গৰখীয়াদল জয়ত জিকাৰি উঠিল; আৰু আটাইটিয়ে “ক” “” বুলি চিৰিবলৈ ধৰিলে। কই “কি হল” বুলি সুধি আগবাঢ়ি গৈ দেখে যে, লগৰ গৰখীয়া এটি বগে গিলি পেলাইছে। তাকে দেখি, মহাবাহু কৃষ্ণই বেগাই আগ বাঢ়ি গৈ যেতিয়া বগৰ গা পালেগৈ, তেতিয়া সি তেওঁকো গিলিবলৈ ঠোট নেলি আহিল, আৰু সেই অৱস্থাত গৰখীয়াবিলাকে চিৰত এল লগাবলৈ ধৰিলে, জানোবা এতিয়া সি কৃষ্ণকে গিলি খয়! এনে কি, স্বয়ং বলৰামো অস্থিৰ হৈ পৰিল। এনেতে, মহা বলৱন্ত একই তাৰ ওপৰৰ চটা ঠোঁটত দুহাতে খামছি ধৰি, তলৰ চটা ভৰিৰে গছ। মাৰি লৈ বগটো বাহঁ-ফলাদি দুচিটাকৈ ফালি পেলালে; গৰখীয়া লৰাটি জীয়াই জীয়াই তাৰ পেটৰপৰা ওলাই আহিল। এয়ে পুৰণাদিত বৰ্ণিত “বকাসুৰ বধ” কাহিনী। সেই দিনাৰপৰা বৃন্দাবনৰ জীৱ-জন্তুৱে চকু-কহ বগৰূপী দানব। অত্যাচাৰৰ পৰা পৰিত্ৰাণ পালে। সেই বাবে আকৃষ্ণৰ অদ্ভুত ক্ষমত আৰু মাহাত্মৰ যশ চৌপাশে বিয়াপি পৰিল।