সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bus আওকাণ কৰি গৈ ৰজাত গোচৰ দিবা যদি দিয়াগৈ, ৰজাই মোক সেই বাবে কি কৰিব?” (১)। শেহাৰত, শ্ৰীকৃষ্ণক কোনোমতেই বৰাব নোৱাৰি গোপিনীবৰ্গে আলোচনা কৰি এই স্থিৰ কৰিলে যে, যাৰ চৰণ লাভৰ উদ্দেশ্যেই সিবিলাকৰ ব্ৰত, সেই স্বয়ং ভগবান শ্ৰীকৃষ্ণই অচিতে সেই চৰণ দান দিছেহি, সিবিলাকে বুজা হে নাই; এতেকে সিবিলাকে কৃষ্ণোক্তিত বিৰুক্তি নকৰি তেওঁৰ শৰণাগত হোৱাটোহে উচিত। এই ভাৱে মনস্থিৰ কৰি গোপিনীবৰ্গে অগত্যা তিতা-তিয়নীৰেই পাৰলৈ উঠি আহি, কদমৰ গাত আৰ লৈ, ব্ৰতাৰাধ্য সৰ্বফলস্বৰূপ কৃষ্ণচৰণত সিবিলাকৰ মনোভাব সমুদায় মুকলিকৈ নিবেদন কৰিলেগৈ। গোপিনীবৰ্গে তেওঁক সাক্ষাৎ ঈশ্বৰৰূপে আৰাধনা কৰা দেখি অলপ অপ্ৰস্তুত হৈ, শ্ৰীকৃষ্ণই এটি মনমোহ হাঁহি মাৰি এই বুলি সমিধান দিলে, “বাৰু, মই তথাস্তু বুলিছে। ইয়াৰ পাচত, জোনাক ৰাতি (২) তোমালোক কামনা পূৰণ কৰিবলৈ যথাবিহিত কৰা যাব (৩)।” এই বুলি, লগৰীয়া গৰখীয়াবৰ্গৰে সৈতে, কালিন্দীৰ তীৰৰপৰা গৰু গাই আনঠাইত চৰা- বলৈ আঁতৰাই নি, শ্ৰীকৃষ্ণ ততাতৈয়াকৈ তাৰপৰা আঁতৰ হল। (৪) (১) “নোচন্নাহং প্ৰদাশ্যে কিং জুতো খাজা ঋবিষ্যতি।” —মাগৱত, দশম স্কন্ধ, ২২ আধ, ১১ শ্লোক। (২) ৰাসলীলাৰ জোনাক ৰাতিক লক্ষ্য কৰা হৈছে। (৩) ভাগৱত, দশম , ২২ আধ্যা, ১৯-২১ লোক। (৩) “বৰণ লীলাৰ বিষয়ে মহাভাৰত, বিষ্ণুপুৰাণ আৰু হৰিণত কোনো কথা উল্লেখ নাই; সম্ভৱতঃ সেই একাৰসকলে ইয়াক সামান্য বা অমাৰ্জিত ৰুচিৰ ঘটনা ভাবি বাদ দি গল। মাগতৰ এই আখ্যালৰ অন্তৰত কিন্তু অতি পত্তি ভক্তিতত্ব নিহিত আছে। সেই সময়ত ঐকৃষ্ণ মুঠেই ১১ বছৰীয়া নাবালক। তেনে বয়সত হব লীলা” নিচেই স্বাভাবিক। জগতৰ আধুনিক ব্যাখ্যাত এই বিষয় অতিবতি হৈহে মাথোন।