পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মত দে। প্ৰল বধ। ইয়াৰ আগেৰেই উনুকিয়াই অহা হৈছে যে, আজন্ম ৰাজনীতিজ্ঞ অতি প্ৰতিভাশালী আদৰ্শ মানৱ শ্ৰীকৃষ্ণই বৃন্দাবনত, গোপ-উপনিবেশ স্থাপিত হোৱৰ লগে-লগেই, গোপ-গৰখীয়াবিলাকৰে সৈতে এটা সৈনিক দল বা “গৰখীয়া ফৌজ” গঠন কৰিবলৈ এটি মহং অনুষ্ঠানত প্ৰবৃত হৈছিল। সেই ব্ৰতৰ তেওঁ উত্তম ফল লাভ কৰিছিল, আৰু সি সেই দেশ কাৰ অতি উপযোগী হৈছিল। সুদূৰদৰ্শী ৰাজনীতিজ্ঞ পুৰুষৰ গজালি ঐকৃষ্ণই তাৰ দ্বাৰাই যাতে সুদূৰ ভবিষ্যতততা উপকাৰ পাব পাৰে (১), সেই উদ্দেশ্যে তেওঁ গৰখীয়া সেনাদল টনকিয়াল কৰিবলৈ সঙ্কল্প ৰাখি, পাৰ্যমানে সেই গোপগৰখীয়াৰে সৈতে গঠিত সেনাদলত বা ফৌজত বৃন্দাবননিবাসী আন-আন লৰা আৰু ডেকাকো ভুক্ত কৰি লবলৈ নিয়ম বান্ধিছিল।—সেই অপাহতে এল নামে এটা আদিম অধিবাসী বনমানুহ সেই গৰখীয়া-বাহিনীত সোল। প্ৰলম্বৰ অভিপ্ৰায় কিন্তু আন এটাহে; সি কৃষ্ণৰ উপকাৰলৈ নহয়, তেওঁৰ অপকাৰলৈ হে তেওঁৰ গৰখীয়া কৌজতভুক্ত হৈছিল হি। আক, সেই অৰ্থে নীচাশয় প্ৰলম্বই সততে ছেগ চাই ফুৰিছিল। (ক) ব্ৰহ্মবৈবৰ্তপুৰাণে প্ৰণকে ধোকাষৰ বুলিহে এক ৰখতে দুইকে বৰি থৈছে। (খ) হৰিবংশ, বিষ্ণুপ, ৩৯ অধ্যা। (গ) মাগত, দশম , ১৮ অধ্যা, ১১-০ লোক।