পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মতত্ত্ব আৰু কৰ্তব্যজ্ঞান। হলে তুমি কৰ্তব্যৰপৰা পিছলি পৰাটো হে হব। আৰু ভাবি চোৱা, এই যুদ্ধত জয় হলে মান, গৌৰৱ, যশস্যা আৰু ৰাজ্য লাভ; আৰু পতন হলেও ধুপ স্বৰ্গলাভ। এতেকে, এই ধৰ্ম্মযুদ্ধত (১) পৰাত্ম হলে তোক কৰ্তব্যহানিৰ পাপে ছুব; কিয়নো স্বধৰ্ম আৰু কীৰ্ত্তি স্বইচ্ছাৰে পৰিত্যাগ কৰিলে পাপভাগী হব লগীয়া হয়। তদুপৰি, এই ধৰ্মযুদ্ধ তুমি আপোন ইচ্ছাৰে পৰিত্যাগ কৰিলে তোমাৰ কীৰ্তিনাশ হব। তেতিয়া সকলোৱেই তোমাৰ অপযশ ৰটিব। হে অৰ্জুন। তোমাৰ তুল্য শৌৰ্য, বীৰ্য, ধৰ্মনিষ্ঠা আদি বিবিধ গুণেৰে বিভূষিত শ্ৰেষ্ঠ পুৰুষৰ পক্ষে কীৰ্তিনাশতকৈ মৰণেই শ্ৰেয়। ৰণক্ষেত্ৰত অৱতীৰ্ণ হৈ এতিয়া তুমি ৰণ নিদিয়াকৈ আঁতৰি গলে, যি সকল তোমাৰ সমনীয়া মহাথে তোমাক মান কৰিছিল, সেই সকলেও তোমাক ভয়াতুৰ বুলি নিন্দা হে কৰিব। তাৰ দ্বাৰাই তোমাৰ বিষম লঘুতা প্ৰকাশিত হব। আৰু, দুৰ্য্যোধনাদি তোমাৰ শত্ৰুপক্ষীয়গণেও তোমাৰ সামৰ্থ্য হেয়ান কৰি তোক উপহাস কৰিবলৈ বাকী নথয়। ইয়াতকৈ অধিক মনস্তাপ আৰু অপমান তোমাৰ পক্ষে আৰু কি হব পাৰে? ভীমাদি আত্মীয় বধৰ কষ্টতকৈও ই কষ্টকৰ হব। (২) শ্ৰীকৃষ্ণৰ যুক্তি অকাট্য বুলি মানিবলৈ অৰ্জ্জুন বাধ্য হল। কিন্তু সিমানতো তেওঁ নিজৰ অন্তৰক বুজাব পৰা নাই। এহাতে গুৰুজন আৰু আত্মীয়-কুটুম্বাদিক বধ কৰা অসহনীয় ভাব আনহাতে চক্ৰীচুড়ামণি (১) ধৰ্মযুদ্ধৰ ঘাই লক্ষণ ৰবিহীন যোক ধীৰে আহত নকৰে; নঠা, নপুংসক, ৰোগী, শৰণাগত, অস্ত্ৰবিহীন, যুগ্ধদৰ্শনাৰ্থ, যুপৰীক্ষক, ভৰাতুৰ আৰু পলৰীয়াৰ প্ৰতি ৰখীয়ে অস্ত্ৰ প্ৰহাৰ নকৰে। (২) গীতা, ২ আধ্যা, ৩১-৩৬ শোক।