২৮ “হে ভাৰত (অৰ্জুন)! ভূতসকল (জীৱগণ) আদিম (জন্মৰ পূৰ্বে) আৰু অন্তিম (মৰণৰ পাচত) অৱস্থাত অব্যক্ত ভাবাপন্ন থাকে। মধ্যাৱস্থাত (জীৱদ্দশাত) বক্ত থাকে। ভীষ্মদি দেহী মাত্ৰৰে সেই দশা। এতেকে, মৰণ ভাবনাত শোক কৰাৰ প্ৰয়োজন কি? কোনোৱে আক আশ্চৰ্যৱত দেখে; কোনোৱে আত্মাক আশ্চৰ্য্যৰূপে বৰ্ণনা কৰে, কোনোৱে বা এই আত্মতত্ত্ব আশ্চৰ্যভাৱে শ্ৰৱন কৰে, আৰু কোনোৱে বা সেই তত্ত্ব শ্ৰৱন কৰিও আত্মাৰ স্বৰূপতাৰ বিষয় জ্ঞাত হবগৈ নোৱাৰে। এই অদ্ভুত পৰমাত্মা সকলে জীৱাত্মত নিত্য আৰু অবধ্যভাৱে বিদ্যমান থাকে। এতেকে, হে ভাৰত! যেই সেই প্ৰাণীৰে প্ৰাণনাশ হোৱা দেখি বা তাৰ আশঙ্কা মানি তুমি কাতৰ হোৱা কৰ্তব্য নহয়।” (১) তাৰ পাচত, কৃষ্টি-স্থিতি-প্ৰলয়ৰ তত্ত্বভেদী সৰ্ব্বশাস্ত্ৰবিশাৰদ ভগৱান শ্ৰীকৃষ্ণই ধৰ্মৰাজ্য স্থাপনৰ অৰ্থে পাণ্ডৱ পক্ষীয় একমাত্ৰ বীৰ, যি অজেয় ভীষ্ম আৰু কক জয় কৰিব পাৰে, সেই অৰ্জুনক পুনৰপি এই বুলি কৰ্তব্যজ্ঞানৰ উপদেশ দিবলৈ ধৰিলে, “হে অৰ্জুন! স্বধৰ্মৰ ফালে চালেও তোমাৰ হৃৎকম্প হোৱাৰ কাৰণ নাই; কিয়নো ধৰ্ম্মযুদ্ধতকৈ শ্ৰেয় কৰ্তব্য ক্ষত্ৰিয়ৰ পক্ষে আন একো হব নোবাৰে। এটা প্ৰাণী ৰক্ষা অৰ্থত আন এটা প্ৰাণী হত্যা কৰা বুজায়। সেইদৰেই ধৰ্ম সাধনৰ অৰ্থে ধৰ্ম্ম যুদ্ধত প্ৰবৃত্ত হোৱাটো ক্ষত্ৰিয়ৰ পক্ষে অপৰিহাৰ্য্য কৰ্তব্য। হে পাৰ্থ। এনে অযাচিতে লাভ হোৱা জপনাহীন দুৰাৰ হেন ধৰ্মযুদ্ধ ভাগ্যৱান ক্ষত্ৰিয়সকলৰ পক্ষে যে সম্ভৱ। বিশেষত অৱশ্যম্ভাবী উপস্থিত যুদ্ধ তোমাৰ স্বকৃত নহয়, কৌৰৱগণৰ দুষ্টবুদ্ধি আৰু উদ্যমৰ ফলত হে ই সংঘটিত হৈছে। গতিকে, এই ৰণত বিমুখ (১) গীতা, ২ আস্তা, ২৬০ কে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৪
অৱয়ব