পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নোৱাৰে। যি সৎ সি নিত্য, অব্যয় আৰু অনন্ত। দেহী আত্মা অবিকাৰী, অবিনাশী আৰু অপৰিচ্ছন্ন। এই নশ্বৰ দেহসমূহ আত্মাৰ বাসস্থান মাথোন। এতেকে, হে ভাৰত! তুমি যুদ্ধ কৰা। যি আত্মাক হন্তা বুলি ভাবে, আৰু যি আত্মাক বিনষ্ট বুলি বিশ্বাস কৰে, সিবিলাক দুয়ো মতাবলম্বীয়েই আত্মানভিজ্ঞ; কিয়নো আত্মাই কাকো আহত নকৰে, আৰু কাৰৰ দ্বাৰাই আত্মা নিহত নহয়। দেহাত্মাভিমানীগণে মাথোন আত্মাৰ বিনাশ আশঙ্কা কৰে। কিন্তু আত্মা অচ্ছেদ, অভেদ্য আৰু সৰ্বত্ৰ স্বতন্ত্ৰ। আত্মাৰ আচলতে জনমমা নাই, মৰণো নাই, নাইবা বাৰবাৰ উৎপন্ন হৈ বিনাশপ্ৰাপ্তও নহয়। এতেকে, আত্মা জন্মৰহিত, সততে একৰূপী, বিকাৰশূন্য, অপৰিণামী; গতিকে, দেহাৰ লগতে আত্মাৰৰ বিনাশ নহয়। হে অৰ্জুন! আত্মা যি স্থলত কোনো আকাৰ-বিকাৰৰেই (১) তল নহয়, সেই স্থলত অস্ত্ৰৰ দ্বাৰাই দেহ বিনষ্ট হলেও আত্মা বিনষ্ট নহয়। এতেকে, উঠা, তুমি ৰণবিমুখ নহব। যি জনে আত্মাক অবিনাশী, নিত্য আৰু জন্ম-মৰহিত বুলি জানে, হে পাৰ্থ। সেইজনে কিয় বা কেনেকৈ বা কাক বধ কৰিব? আৰু স্বয়ং উদ্যত হৈ কিয় বা কাক বধ কৰাব (২)? অৰ্থাৎ, যি জ্ঞানীলোকে সৰ্বব্যাপী পৰমাত্মা নিজতত আৰু অপৰতত সমভাৱে বিদ্যমান বুলি জানে তেওঁ নিজে নিজকে মাথোন কোনো সজ উদ্দেশ্যে দেহান্তৰ কৰে। তাৰপৰা পাপ নহৈ বৰঞ্চ পুণ্য হে লাভ হয়।” “হে অৰ্জুন! মানুহে যেনেকৈ জীৰ্ণ বস্ত্ৰাদি পৰিত্যাগ কৰি নতুন বস্ত্ৰাদি পৰিধান কৰে, সেইদৰেই দেহধাৰী আত্মায়ে জীৰ্ণ দেহ পৰিত্যাগ কৰি নতুন দেহ ধাৰণ কৰে। এতেকে, অনেক তপস্যা আৰু সৎকাৰ্য্যৰ ১) বিকাৰ জন্ম, অস্তিত্ব, বৃদ্ধি, বিপৰিনাম, অপক্ষা আৰু বিনাশ। (৪) গীগ, আধ্যা, ১২ লোক।