পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মতত্ব আৰু কৰ্তব্যজ্ঞান। কৰ্তব্যজ্ঞান এইদৰে ব্যাখ্যা কৰি যাবলৈ ধৰিলে, “হে অৰ্জুন। ইতিপূৰ্বত যে মই কেতিয়াও নাছিলো এনে নহয়, তুমিও যে নাছিল। সিও নহয়, এই সমবেত ভূপতিগণ যে নাছিল সেইটোও নহয়; ইয়াৰ পাচতে যে মই, তুমি আৰু এই ৰাজন্যবৰ্গ নাথাকিমহঁক তেনেও নহয়। প্ৰকৃততে আমি আগেয়েও আছিলো, এতিয়াও আছে আৰু আগলৈকো অটুটভাৱে বিদ্যমান থাকিম। দেহীৰ একেটা দেহাতে যেনেকৈ কৌমাৰ, যৌৱন আৰু জৰা লক্ষিত হোৱাটো আচৰিত নহয়, এটা দেহ এৰাৰ পাচত আত্মাই অন্য এটা দেহাধাৰণ কৰাও তেনেকৈয়ে নোহোৱা- কথা নহয়। গতিকে জ্ঞানী লোকে এনে দেহা-সলনিত বিমুগ্ধ বা বিচলিত নহয় (১)। কাৰণ, একে আত্মাই বিভুৰপে সকলে দেহাতে বিৰাজমান। লৰকালত যি আত্মা, ডেকাকালতো সেই আত্মা, বুঢ়া কালতো সেই আত্মাই। আত্মাৰ অন্যথা নহয় (২)। যিজনক সংসাৰত ইন্দ্ৰিয়বৃত্তি বা বিষয়ৰ স্পৰ্শে বিচলিত কৰিব নোৱাৰে, আৰু যি ধীৰলোকৰ মানত সুখ আৰু দুখ সমান, তেওঁৱেই হে ধৰ্ম্মজ্ঞানৰ বলত মোক্ষলাভৰ উপযোগী হয় (৩)। অনেকে অন্তঃকৰণৰ ক্ৰিয়াকে (৪) আত্মাৰ ক্ৰিয়া বুলি ভাবে; কিন্তু সেইটো সিবিলাকৰ ভ্ৰম। যি অসৎ তাৰ অস্তিত্ব নাই, আৰু যি সৎ তাৰ অভাব নাই; তত্ত্বদশী পুৰুষ সকলে সত্যাসত্য নিৰ্ণয় এইদৰেই কৰিছে। যি আত্মা এই দৃশ্যমান জগতত পৰ্যিাপ্ত, তেওঁৰ বিনাশ নাই; এই অব্যয়ৰূপ কেৱে বিনাশ কৰিব

(১) গীতা, ২য় আধ্যা, ১২শ, আৰু ১৩শ, গোক। (২) কৃষ্ণানন্দস্বামিকৃত গীতাৰ্থ সন্দীপনী গীতা, ২ অধ্যা, ১৩শ লেক টিপনী ব্যাখ্যা। (৩) গীতা, ২য় আখ্যা, ১৫শ, শোক। 0) অৰম, বুদ্ধি, চিত্ত আৰু অহাৰ।