সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩) যেন ভুলতো কেৱে প্ৰত্যক ঈশ্বৰ আৰোপ নকৰে; তাকে কৰাৰ ৰাৰে হে বিবিধ প্ৰসঙ্গত নন্দনন্দন যশোদাভনয় দৈৱকীত ৰদেৱে আক্ষেপ প্ৰকাশ কৰিছিল। “শ্ৰীকৃষ্ণ চৰিত্ৰৰ অন্ত্যলীলা খণ্ডত কিন্তু ভগৱন্তৰ অলৌকিকত ঢাকিবলৈ আমাৰ লৌকিকতাৰ আৰকাপোৰৰ নাটনি পৰিছে। কিননা, কোনো-কোনো প্ৰসঙ্গত মানৱী সমস্যা সাতৰি পাৰ হৰ নোৱাৰি, শ্ৰীকৃষ্ণদেৱ স্বয়ং ধৰা পৰিছে। কুৰুক্ষেত্ৰমহাৰণৰ আৰম্ভণত মহাৰৰ অৰ্জুনৰ বৈৰাগ্যতাই সাৰথিকৃষ্ণক বিষয় সমস্যাত পেলাই- ছিল; বাসুদেৱে সেই সমস্যা সঁতৰি পাৰ হব নোৱাৰি, কৃষ্ণ পৰায়ণ সৰ্বশ্ৰেষ্ঠ ভক্ত সখি-শিষ্য অৰ্জুনৰ আগত তেওঁৰ ঈশ্বৰ স্বীকাৰ কৰি, স্বীয় বিৰাট মূৰ্তি ধাৰণ কৰিবলৈ বাধ্য হৈছিল। তাৰে ফল হৈছে জগতত সৰ্বশ্ৰেষ্ঠ ধৰ্মশাস্ত্ৰ শ্ৰীমদ্ভগৱদগীতা। এইখিনিতে আমিও উপায়ন্তৰ হৈ, অপৰিহাৰ্য্য অলৌকিকতাত অবাৰিত পোহৰ পৰাকৈ আৰকাপোৰ সম্পূৰ্ণ উদিয়াই দিছে, যিহেতু তাৰ প্ৰতিবিধানৰ অৰ্থে আমাৰ হাতৰ বিপদতাৰণ অস্ত্ৰ- পে ভগৱন্তৰ মুখনিজনিত শ্ৰীমদ্ভগৱদগীতা বিদ্যমান। ভগৱন্ত শ্ৰীকৃষ্ণৰ বিৰাটমূৰ্তি, বাসুদেৱ ৰাম-কৃষ্ণৰ সোশৰীৰে স্বৰ্গত্ৰা বা মহাপ্ৰয়াণ আদি সেই অলৌকিকতাৰ অকাট্য প্ৰমাণ। আমাৰ বিখা, আদ্য আৰু মধ্যলীলাত কল্পনাৰ পাখি কাঢ়ি অলৌকিকতাৰ ঠাইত পাৰ্যমানে লৌকিকতাৰ আৱেশ অৱতাৰণা কৰাৰ বাবে বিসকল ভক্তণ অলপ ব্যথিত হৈছি, অত্যলীলাৰ অলৌকিকতাৰ অৱতাৰণাই সিসকলৰ সেই ব্যথা নিশ্চয় পাটল কৰিব। “শ্ৰীকৃষ্ণ অস্তলীলাৰ গৰ্ভত, ইতিপূৰ্বতে সুকীয়াকৈ প্ৰচাৰিত হোৱা যি “গতাৰ সন্নিবিষ্ট হৈছে তাৰু মূলৰপৰা ভাঙোতে আমি