পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১। আধ্যা। আত্মতত্ত্ব আৰু কৰ্তব্যজ্ঞান। ভগৱান শ্ৰীকৃষ্ণ মহাচিন্তাত পৰিল। মূৰকত যুদ্ধ নকৰো বোলা অৰ্জুনৰ খাতাং সমিচাৰে চিন্তাহাৰী ভগৱান মধুসূদনকো চিন্তাকুল কৰিলে। এনে অপাৰ সমস্যাৰ পাৰ উলিয়াবলৈ তেওঁ অভাবনীয় ভাবনা ভাবিব লগাত পৰিল। সেই উদ্দেশে তেওঁৰ মনে ত্ৰিভূবন ভ্ৰমণ কৰিবলৈ ধৰিলে। কিন্তু, ভিতৰি গভীৰ ভাবনাত মগ্ন যদিও, বাহিৰে সদানন্দ দৈৱকীনন্দন আনন্দময়। তেওঁ উলাহ-লগা মৌ-মাতেৰে প্ৰাণসখি অৰ্জুনক পুনৰপি এই বুলি উদগাবলৈ ধৰিলে,“হে পাৰ্থ! তুমি কাতৰ নহা। কাতৰ ভাৱ তোমাত শোভা নাপায়। হে শসস্তাপক বীৰ্যৱন্ত বীৰ ক্ষুদ্ৰহৃদয়ৰ দুৰ্বলতা পৰিত্যাগ কৰি ৰণলৈ গাত্ৰোত্থান কৰা (১)।” এইভাৱে বিবিধ ভাউতিৰে বাসুদেৱে বাৰম্বাৰ উদগনি দিয়াৰ ফলত, কিংকৰ্তব্যবিমূঢ় অৰ্জুনে অগত্যা শ্ৰীকৃষ্ণৰ ওচৰত সখি এৰি শিষ্যত্ব এহণ কৰি শেয়” (২) উপদেশ প্ৰৰ্থনা কৰিবলৈ উদ্যত হল। কিয়নো,

(১) শ্ৰমভাগৱত-গীতা, ২য় অধ্যা, ৩য় লোক। (২) শ্ৰেয়ঃ উপদেশ দুবিধ; এবিধ ঐকান্তিক আৰু ইবিধ অত্যন্তিক। যাৰ শুভত অনিন্ম আৰু লাভ হলেও তাত অস্থায়িত্ব থাকে, সেয়ে ঐকান্তিক; আৰু বি নিশ্চয় শুভদায়ক, আৰু বি শুভ কাচিত বিকৃত না, সেয়ে অত্যক্তিক। কৃষ্ণানশমিকৃত তাসলীপনী; গীতা, ২য় অধ্যা, এ লোক।