পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১২
শ্ৰীকৃষ্ণ।
 

লবলৈ মই প্ৰস্তুত আছোঁ। কাৰণ, তোমাৰ সপক্ষে যুদ্ধ কৰি তোমাক আৰু তোমাৰ ফৈদক ৰক্ষা কৰিবলৈ মই তোমাৰ প্ৰপিতামহীৰ ওচৰত প্ৰতিশ্ৰুত (১)। মোৰ প্ৰতিজ্ঞা অটল।” ভীষ্মদেৱৰ আশ্বাসত উলাহিত হৈ দুৰ্য্যেধনে দ্ৰোণাচাৰ্য্য প্ৰমুখ্যে কৌৰৱ সেনাপতি সকলৰ প্ৰত্যেকৰ ওচৰ চাপি যথাৰীতি যোগ্যতানুসাৰে সিবিলাকক নেতাৰ বাব অৰ্পণ কৰিলেগৈ। কৰ্ণৰ কাষ আটাইতকৈ শেহত চপা হয়। কাৰণ, কৰ্ণ বৰ অভিমানী বীৰ, আত্মবলৰ ওপৰত তেওঁৰ অটল বিশ্বাস। বল-বীৰ্য্যত তেওঁতকৈ চৰা কোনোবা আছে বুলি তেওঁ নামানে। গতিকে, সবাতোঘাই সেনাপতিৰ বাব লবলৈ নাপালে জানোচা তেওঁ আন কোনোবিধৰ ঘাই সেনাপতি বাব লবলৈ অমান্তি হয়, আৰু সেয়ে হলে জানোবা দ্ৰোণাচাৰ্য্যয়ো সেনাপতিৰ বাব প্ৰত্যাহাৰ কৰে, সেই আশঙ্কাত কৰ্ণ বীৰৰ কাষলৈ সকলোৰে শেহত যোৱা হয়। কিন্তু, দুৰ্য্যোধনে যি আশঙ্কা কৰিছিল, সি সঁচাকৈয়ে কাৰ্য্যত ফলিয়ালে। কৰ্ণই সদৰ্পে এই বুলি সমিধান দিলে, “পাণ্ডৱ-পাঞ্চালৰ


(১) দুৰ্য্যোধনৰ এই গৰাকী প্ৰপিতামহী হৈছে শান্তানুৰ অন্যতম ভাৰ্য্যা সত্যবতী। বয়োশ্ৰেষ্ঠ ভীষ্মৰ জীৱনকালত কোনো কনিষ্ঠ সন্তান ৰজা হোৱাৰ আশা নথকা হেতুকে পিতাকে সতাৱতীক ভীষ্মৰ পিতৃ শান্তানুলৈ বিয়া দিবলৈ অস্বীকাৰ কৰে। গতিকে, সেই আপাহতে ভীষ্মদেৱে এই প্ৰতিজ্ঞা কৰে যে, তেও কেতিয়াও ৰাজপাটত নুঠে; আৰু তেওঁৰ সতি-সন্তানেও যাতে সেই ৰাজপাটৰ প্ৰাৰ্থী হবলৈ নাপায়, সেই অৰ্থে তেওঁ আজীৱন অবিবাহিত হৈ থাকিব। তদুপৰি, তেওঁ সেই আলমতে এনে ভাৱে প্ৰতিশ্ৰুত হয় যে, সত্যবতীৰ ভাবী পুত্ৰ-পৌত্ৰাদিৰ ৰক্ষণাৰ্থে তেওঁ সততে সিবিলাকৰ পক্ষ অৱলম্বন কৰিব। সেই হেতুকে হে ভীষ্মদেৱে ইচ্ছাৰ বিৰুদ্ধেও প্ৰাণপ্ৰতিম পাণ্ডৱৰ প্ৰাণ লবলৈ কুৰুক্ষেত্ৰ-যুদ্ধত অগত্য অস্ত্ৰধাৰণ কৰে।