পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুৰুক্ষেত্ৰ যুদ্ধ-যাত্ৰা।
৬১৩
 

ধবংস কৰ্ণই আনৰ নামে সাধিবলৈ নাযায়, ছেগ পালে নিজ নামে হে সাধিব। এতেকে, ভীষ্ম জীৱিত থাকেমানে মই কুৰুক্ষেত্ৰত অস্ত্ৰ নধৰোঁ, ই মোৰ অটল প্ৰতিজ্ঞা।” দুৰ্য্যোধন হতাশ হল। তথাপি, তেওঁ এই বুলি কৰ্ণক কথাৰ বান্ধ দি আহিল, “ভাল, আপোনাৰ কথাই কথা; কিন্তু আপুনি কৌৰৱ পক্ষীয় হৈ থাকিল’’। কৰ্ণ-প্ৰতিজ্ঞাই পাণ্ডৱৰ হকে ভীষ্ম-প্ৰতিজ্ঞাৰ অমঙ্গল ভালেখিনি পাতলালে; কিয়নো একে সময়তে ভীষ্ম আৰু কৰ্ণই যুদ্ধ কৰিবলৈ ওলোৱা হলে, অৰ্জ্জুনৰ পক্ষে ঠাৱৰিবলৈ টান পৰিলহেঁতেন। অকল সেয়ে নহয়, কৌৰৱ- বাহিনীয়ে যাত্ৰা কৰোঁতেই ভালেমান অমঙ্গলীয়া ঘটনা (১) ঘটিবলৈ ধৰিলে, স্বভাৱতে কৌৰৱৰ ভাগ্য অপ্ৰসন্ন হোৱা যেন বোধ হল। যি হওক, ভবিষ্যত ভাবিবৰ সময় নাই; মহা আড়ম্বৰেৰে এঘাৰ অক্ষৌহিনী সৈন্যৰ সমষ্টিৰে সংগঠিত কৌৰৱবাহিনী কুৰুক্ষেত্ৰত নামিলগৈ। ৰণনীতি অনুসৰি, শত্ৰুপক্ষৰ শিবিৰৰ পোনে-পোনে মুখামুখিকৈ পছিমমুৱাকৈ কৌৰৱ শিবিৰ প্ৰতিষ্ঠিত হল। দুয়ো পক্ষ ৰণক্ষণ (২) সাপেক্ষে লাগোঁ-লাগোঁ অৱস্থাত সষ্টম হৈ ৰল।


(১) কৌৰৱবাহিনীয়ে যুদ্ধযাত্ৰা কৰোঁতেই আচম্বিতে প্ৰৱল ধুমুহাৰ গৰ্জ্জন, মেঘৰপৰা তেজ-বৰষুণ, বনামেঘে বজ্ৰপাত, এনাবতাহত দৌল দেৱাল আদিৰ পতন, গাধীৰ প্ৰসৱত গবী, কুকুৰীৰ প্ৰসৱত শিয়াল, এন্দুৰীৰ প্ৰসৱত মেকুৰী, ম’ৰাৰ কণীত কাউৰী জগা এনেবোৰ অমঙ্গলীয়া ঘটনা ঘটিছিল।—মহাভাৰত, ভীষ্মপৰ্ব্ব।

(২) মাগশীৰ্ষ মাহৰ কৃষ্ণা-পঞ্চমীত কৌৰৱ-পাণ্ডৱ ৰণ-মুখামুখি হয়। বৰ্ণ আৰম্ভণৰ শুভ দিন- ক্ষণ পুৰ্ণিমা-তিথিলৈ দুয়োপক্ষে উত্ৰাৱল চিতেৰে অপেক্ষা কৰে।