পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮। আধ্যা।

কুৰুক্ষেত্ৰ-যুদ্ধ-যাত্ৰা।

 শ্ৰীকৃষ্ণদেৱৰ দিহা অনুসৰি, পাণ্ডৱ পক্ষৰপৰা ৰণ-আহ্বান হোৱাৰ পাচত, ৰণকৰ্ত্তা ধৰ্ম্মৰাজ যুধিষ্ঠিৰে যুদ্ধ-যাত্ৰাৰ অৰ্থে সষ্টম হবলৈ পাণ্ডৱ- বাহিনীৰ মাজত ৰণনীতি অনুযায়ী আদেশ ঘোষণা কৰিলে। সেইমতে, পাণ্ডৱসেনাপতিসকল সষ্টম হৈ নিজ নিজ বিভাগীয় ৰণবলৰ প্ৰতি সষ্টম হবলৈ আদেশ প্ৰচাৰ কৰাত তৎপৰ হল। “সাজু হোৱাঁ‌” “সষ্টম হোৱাঁ‌” শবদেৰে পাণ্ডৱশিবিৰ জন্‌জনাই উঠিল। চাওঁতে চাওঁতে, ৪০,০০০ দুকুৰি হাজাৰ বীৰ ৰাজকোঁৱৰ বিচক্ষণীয়া ৰণ-সাজেৰে সুসজ্জিত হৈ ওলাল; ৫,০০,০০,০০০ পাঁচ কোটি ৰথী, ৩০,০০,০০,০০০ ত্ৰিশ কোটি হস্তী-আৰোহী, ৬০,০০,০০,০০০ ষাঠী কোটি অশ্বাৰোহী আৰু অসংখ্যাত পদাতিৰে সৈতে সাত অক্ষৌহিনী পাণ্ডৱ সেনা-সমষ্টি যুদ্ধযাত্ৰাৰ উদ্দেশে ৰণৰ বিবিধ আহিলা-পাতি অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হল। হাতীৰ গৰ্জ্জন ঘোঁৰাৰ তৰ্জ্জন, ৰথৰ ঘৰ্ঘৰণত মেদিনী কঁপি উঠিল; হিয়াভেদী শঙ্খ- ধ্বনি, গগণস্পৰ্শী ভেৰীৰোল, পৱন-কঁপোৱা ঢাক-ঢোলৰ বাদনে প্ৰতি প্ৰাণ ৰণমদত উন্মত্ত কৰি তুলিলে; বীৰবাহু বৃকোদৰৰ ভীমগৰ্জ্জন, ৰণোন্মত্ত নকুলৰ বুকু কঁপোৱা গিৰিপনি, ৰণপিপাসু সহদেৱৰ চকু-চম- কোৱা আস্ফালনে পাণ্ডৱ-শিবিৰ তোলপাৰ কৰি তুলিলে; অজেয় ধনঞ্জয়ৰ