পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬। আধ্যা।

দ্বাৰকাত উষাদেৱী।

 শ্ৰীকৃষ্ণৰ অনুজ্ঞা আৰু বাণ নৰপতিৰ অনুমতি অনুসৰি, ধৰ্ম্মাত্মা কুম্ভাণ্ড মন্ত্ৰীয়ে (১) সখীমণ্ডলীৰে সৈতে পৰিবৃতা কৰি, যাদৱ যাত্ৰীৰ মাজত নিৰূপিত গৰুড়-বাহনত উপবিষ্টা কৰি, উষাদেৱীক, যথাসমাদৰে বিদায় দিলেগৈ। ইতিমধ্যত যথাৰীতি বলদেৱৰ ৰামশিঙা বাজি উঠিল, —যাদবাহিনীয়ে ভাগে ভাগে যথাযোগ্য গৰুড়-যানত আৰোহণ কৰিলে গৈ। তাৰ পাচত, ৰাম-কৃষ্ণ, প্ৰদ্যুম্ন-অনিৰুদ্ধ, নাৰদ-সুপৰ্ণ আৰু বাণ- পাৰিষদ যাত্ৰীসকলে যোৰা-যোৰাকৈ গৰুড়-বাহনত চৰি, যাদৱবাহিনীৰ আগ, গুৰি আৰু মাজ ভাগ শুৱনি কৰি দ্বাৰকাৰ অভিমুখে মহা সমাৰোহেৰে যাত্ৰা কৰিলে।


(১) মহাজ্ঞানী কুম্ভাণ্ড মন্ত্ৰীৰ সাংসাৰিক, সামাজিক, ৰাজনৈতিক আৰু আধ্যাত্মিক জ্ঞানৰ পৰিচয়ত পৰিতুষ্ট হৈ, ভগৱান শ্ৰীকৃষ্ণই, বাণ নৰপতিৰ সন্মতিক্ৰমে, তেওঁক শাণিতপুৰৰ একাংশত অধিপতি পাতি যথাযোগ্য মান ধৰে।

-“হৰিবংশ”,১৮৩ আধ্যা।