পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অগ্নিগড় লঙ্ঘন
৬০১
 

মিত্ৰ বাণ ৰজাৰ ওচৰত সম্প্ৰীতি বিদায় গ্ৰহণ কৰি, নাতি-বোৱাৰী উষাদেৱী আৰু নাতি-কোৱঁৰ অনিৰুদ্ধদেৱক আদৰি লৈ, যাদৱবাহিনীৰে সৈতে, হৰিষ্ চিতেৰে হৰি শ্ৰীকৃষ্ণ দ্বাৰকা প্ৰত্যাগমনৰ অৰ্থে সষ্টম হল। ন-বোৱাৰী বাণ ৰজাৰ জীয়াৰী উষাদেৱীৰ লগৰী হৈ, চিত্ৰলেখা আৰু কুম্ভাণ্ড জীয়াৰী প্ৰজ্ঞাসুন্দৰী প্ৰমুখ্যে উষাদেৱীৰ কেইগৰাকীমান সখীয়াও বাণ-পাৰিষদ জনচেৰেকৰে সৈতে কন্যাঘৰীয়ারূপে সহযাত্ৰী হল।