পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উষা-হৰণ
৫৭৫
 


অকণো বিচলিত নহল, তেওঁ ঘনে ঘনে বাণ ৰজাক স্বহস্তে আক্ৰমণ কৰাৰ উদ্দেশ্যে আস্ফালন কৰিবলৈ ধৰিলে। কুমাৰৰ আস্ফালন সহিব নোৱাৰি, সমিদ্ধহুতাশনপ্ৰায় প্ৰজ্বলিত হৈ মহা অভিমানী মহাভৈৰৱভক্ত বাণাসুৰে হাতত ত্ৰিশূল ধাৰণ কৰি, যদুকুলকমল পুৰুৰোত্তম কন্দৰ্পতনু ৰুক্মিণীনাতি প্ৰদ্যুম্ননন্দনক বধ কৰিবলৈ ভীষণ মূৰ্ত্তি ধৰি চোচা ললে। এনেতে, মহাজ্ঞানী ধৰ্ম্মপ্ৰাণ কুম্ভাণ্ড মন্ত্ৰীয়ে এই বুলি বুজনি দি ৰজাক ক্ষন্তেকলৈ ক্ষান্ত কৰিলে, “হে মহাৰাজ। ক্ষন্তেক ধৈৰ্য্য ধৰি মোৰ উক্তিলৈ কৰ্ণপাত কৰোক। ইন্দ্ৰসম পৰাক্ৰমসম্পন্ন এই মহাবীৰ কাৰ পুত্ৰ? তেওঁ কোন ৰাজ্যৰপৰা আহিছে? তেওঁক কোনে ইয়ালৈ আনিছে? এইবোৰ কথাৰ আগধৰি সম্ভেদ লোৱা বাঞ্ছনীয়। হে ৰাজণ। এই সুকোমল বীৰ এজন সৰ্ব্বশাস্ত্ৰবিশাৰদ বিচক্ষণীয়া ৰণ-পণ্ডিত। নৰোত্তম পুৰুষৰ কুল, শীল, বয়স, বীৰ্য্য আদি যি যি থাকিব লাগে, এওঁৰ গাত সকলো বিদ্যমান দেখা গৈছে। হে দৈত্যসত্তম। এনেজন বলৱন্ত সত্বসম্পন্ন সুপুৰুষ কাচিতো বধৰ যোগ্য নহয়। তদুপৰি, আপোনাৰ কন্যাই যি স্থলত গান্ধৰ্ব্ব বিবাহ প্ৰথাৰে এওঁক পতিগ্ৰহণ কৰিছে, সেই স্থলত আপুনি এওঁৰপৰা সেই কন্যাক বিধিমতে নিগ্ৰহ কৰিব নোৱাৰে। আৰু সেই কন্যা অপৰক সম্প্ৰদান কৰিবলৈকো শাস্ত্ৰৰ বিধান নাই। এতেকে, এওঁক বধ কৰাৰ বিষয়ে দকৈ গমি চোৱা উচিত। আগেয়ে যথাযথ তথ্য উপলব্ধি কৰোক। তাৰ পাচত বধ্য ফলে বধিব, অথবা পূজ্য হলে পূজিব। হে বীৰবাহো! শৌৰ্য্য, বীৰ্য্য, সৌন্দৰ্য্য, কুল আৰু সত্ত সমন্বিত এই পুৰুষোত্তমক এবাৰ সূক্ষ্মভাবে নিৰীক্ষণ কৰোক।” ধৰ্মাত্মা কুম্ভণ্ড মন্ত্ৰীৰ জ্ঞানগৰ্ভ শান্তিবাণী শুনি উন্মত্ত বাণ-ৰজা তৱধ লাগিল। তেওঁ অগত্যা অনিৰুদ্ধ কুমাৰক উষা অন্তঃপুৰতে বন্দী কৰি থৈ নিজ নগৰলৈ প্ৰত্যাগমন কৰিলে।