পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩ ৷ আধ্যা।

শ্ৰীকৃষ্ণৰ কন্যাপুৰ-যাত্ৰা।

 কুমাৰ-হৰণৰ দিনধৰি দ্বাৰাৱতী জঁয় পৰিল। কাৰো প্ৰাণত শান্তি নাই, কাৰো মনত উলাহ নাই, কাৰো মুখত আনন্দৰ চিন নাই। সদৌ দ্বাৰকাবাসী বিষাদত ম্লান পৰিল। জলত, থলত, পৰ্ব্বতত, কন্দৰত কুমাৰ অনিৰুদ্ধৰ অন্বেষণত যাদৱ বীৰসকলে পিয়াপি দি ফুৰিছে, কিন্তু কোনেও কতো একো সন্ধান পোৱা নাই। গোটেই দ্বাৰকাত চলাত কৰি বিচাৰি কতো নিৰুদ্দেশ কুমাৰৰ উদ্দেশ নাপাই, নানা দিগ্বিদিগলৈ চৰীয়া, চোৰাংচোৱা আদি পঠিওৱা হৈছে, কিন্তু কোনো দিশৰপৰা কুমাৰৰ সন্ধান অহা নাই। কৃষ্ণাগ্ৰজ মহাবীৰ বলৰাম আৰু কৃষ্ণনন্দন মহাৰথ প্ৰদ্যুম্ন মহা চিন্তাত পৰিল যে, সিবিলাকে এনেহেন অৱস্থাত শ্ৰীকৃষ্ণৰ পুনৰাগমনত তেওঁৰ আগত মুখ দেখুৱাব কেনেকৈ। সিবিলাক দুজনতে দ্বাৰকাৰ ৰক্ষণভাৰ অৰ্পণ কৰি থৈ যদুনাথ বাসুদেৱ আগন্তুক কুৰুক্ষেত্ৰ মহাৰণ ৰচনাত অতি ব্যস্ত হৈ আঁতৰি আছেগৈ। সেই ভাৰতীয় মহাচিন্তাৰ ওপৰত এতিয়া এই যাদবীয় কাৰ্য্যচিন্তাৰ বিষয় তেওঁক কোন সতে জ্ঞাপন কৰা যায়। বিশেষ, কুমাৰ অনিৰুদ্ধ যে শ্ৰীকৃষ্ণৰ অতি আদৰৰ নাতি,—যাক চাই চাই তেওঁৰ তৃপ্তি নপলায়, যাক চকুৰ আৰ কৰিবলৈকো তেওঁ অতি অসহন বোধ কৰে। এনেহেন