পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২। আধ্যা।

উষা-হৰণ।

 যি কৌশল আৰু যি বাহনেৰে (১) গৈ চিত্ৰলেখাই দ্বাৰাৱতীত প্ৰৱেশ কৰিছিলগৈ, তদ্ৰূপ কৌশলেৰেই আৰু তদ্ৰূপ বাহনেৰেই (২) কুমাৰ অনিৰুদ্ধক লৈ তেওঁ উলটি বাণৰাজ্যৰ কন্যাৰপুৰৰ উষা-নগৰত প্ৰৱেশ কৰিলেহি। নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত অসাধ্য সাধন কৰি আহি


 (১) সম্ভৱতঃ কোনো পক্ষীবাহনত, বা পাখিবিশিষ্টা আকাশীযানত চিত্ৰলেখাই সেই যাত্ৰাত যাতায়াত কৰিছিল। পুৰণি অসমত পোন্-প্ৰথমে বৈজ্ঞানিক কৌশলেৰে আকাশীযান বা আজিকালিৰ এৰোপ্লান' সৃষ্টি হোৱাৰ ইয়ো এটা বিশিষ্ট প্ৰমাণ। ইয়াৰ পাচত, যথাঠাইত কুৰুক্ষেত্ৰ মহাৰণত পুৰণি অসমৰ হিড়িম্বা নগৰীৰ কোৱঁৰ হিড়িম্বাতনয় ভীমনন্দন ঘটোৎকচৰ আকাশী ৰণে সেই প্ৰমাণ পুনৰপি সপ্ৰমাণিত কৰিছে। বাস্তৱতে, পুৰণি কামৰূপ বা আগৰ অসম যে বৈজ্ঞানিক চৰ্চ্চাতো পৃথিবীৰ ওপৰত এখন অগ্ৰগণ্য দেশ আছিল, সেই সংজ্ঞা চিত্ৰলেখাৰ কুমাৰহৰণ আৰু ঘটোৎকচৰ আকাশী ৰণে ভাঠি সমৰ্থন কৰে। নাইবা, আজিলিও চিত্ৰিত হোৱা পৰীৰ পাখিলগা ছবিবোৰৰ সঙ্কেতত ধৰিব পাৰি যে, অতি পুৰণি কালত অসাধাৰণ কৌশলী নাৰীয়ে গুটীয়াকৈ পাখি পিন্ধি উৰি ফুৰিছিল; অদ্ভুত কৌশলী চিত্ৰলেখা সেই বিধৰে এগৰাকী পাখি লগাই উৰিফুৰা বুদ্ধিমতী নাৰী থকাটোও বিচিত্ৰ নহয়।

 (২) সস্তবতঃ, অনিৰুদ্ধ কুমাৰ সেইকালৰ গৰুড়-বাহনেৰে আহিছিল। পাখিলগা চিত্ৰলেখাই বাট লগাই দি অনাটোৱেই খুব সম্ভব। সেইকালত দ্বাৰকাত যে গৰুড় বাহন ব্যৱহৃত হৈছিল, শ্ৰীকৃষ্ণ-বাহন গৰুড়েই তাৰ বিশিষ্ট প্ৰমাণ; যথাঠাইত এই সম্পৰ্কে আৰু অলপ বহলাই মন্তব্য দিয়া হব।