পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৮
শ্ৰীকৃষ্ণ৷
 

চিত্ৰলেখা যথাস্থানত উপস্থিত হলহি। তাৰ পাচত, তেওঁ অতি গোপনে আৰু অতি সাৱধান উষা-অন্তঃপুৰলৈ কুমাৰক আৰকৈ লৈ গৈ অতি পুলকিত চিতেৰে সখীয়া উষাদেবীৰ আগত উপনীত কৰালেগৈ। পোন-প্ৰথম দৃষ্টিত চাৰি-চকুৰ সম্মিলন হোৱা মাত্ৰকে কুমাৰ আৰু কুমাৰীয়ে দুইৰো বাঞ্ছিত সপোন-সম্পদ দিঠকত লাভ কৰি দুয়ো অতি বিস্ময় মানি তলমূৰ কৰিলে। ক্ষন্তেকৰ পাচত মূৰ তুলি দুয়ো দুইলৈ ঠৰ লাগি চাই ৰৈ, সপোন আৰু দিঠকৰ স্বৰূপ ৰূপ অন্তৰে অন্তৰে ৰিজাই চাবলৈ ধৰিলে। চাই চাই চাই দুয়ো আনন্দ-উলাহৰ হেন্দোলনিত পুলকিত হৈ, হৰিষৰ ঘন-হুমুনিয়াহ পেলাবলৈ ধৰিলে। সেই হুমুনিয়াহৰ পিহনত পানীকৃত হৈ চাৰিগালে চাৰিধাৰি মুকুতাৰ পানী যেন চকুলোৱেদি প্ৰেমৰস ৰৈ ৰৈ ববলৈ ধৰিলে। এনেতে, ছেগ বুজি চাটকৰে চতুৰা চিত্ৰলেখা নেদেখা হল!—প্ৰেমিক-প্ৰেমিকা নিজানে-নীৰলে চকু-চোৱাচুই হৈয়ে ৰল! ভালেখিনি পৰলৈকে ভেলেঙ্গা-ভেলেঙ্গী শৰৰ দৰে দুয়ো আপোনপাহৰা হৈ নিটাল মাৰি ৰল। তাৰ পাচত, কুমাৰীয়ে আগধৰি সংজ্ঞা লাভ কৰি প্ৰেমগদগদভাৱে কওঁ-নকওঁকৈএই বুলি কুমাৰক সম্ভাষা কৰিলে, “হে হৃদপতি! অপুনি মোৰ অচিনাকী নহয়। যি জনে সপোনৰ ছেগ ধৰি চোৰৰ বৃত্তিৰে মোৰ হৃদয়ৰ অমূল্য ৰত্ন সতীত্ব সম্পত্তি হৰণ কৰি নি মাজতে মোক অনাথিনী কৰি ৰং চাইছিল, সেই জনেই এই আপুনি। মোৰ প্ৰাণ লৈ দেহ এৰি নিকৰুণ ভাৱে গৈছিল কিয়?—এতিয়া এই ভেলাধাৰিণী অনাথিনীক শ্ৰীচৰণত থান্ দিয়ক নাথ।” এই বুলি প্ৰেমোন্মাদিনী উষাদেবী অনিৰুদ্ধ কুমাৰৰ দুখানি চৰণত উভালি পৰিল! কুমাৰৰো সেই একে দশা। তেওঁৱো সেই অদ্ভুত মিলনত আপোন-পাহৰা হৈ ঠৰ লাগিল। তথাপি, ততালিকে ক্ষন্তেকলৈ হেৰোৱা সংজ্ঞা পুনঃলাভ কৰি, তেওঁ উদ্ভ্ৰান্তা প্ৰেমিকা