পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণৰ ধৰ্মৰাজ্য স্থাপন। অশ্বমেধ যজ্ঞলৈ লোকদৰ্শকৰপে নিমন্ত্ৰিত হৈ অহাৰ উদ্দেশ্যে, যুগ্ধকৰ্তা শ্ৰেষ্ঠপাণ্ডৱ যুধিষ্ঠিৰৰ ওচৰত বিদায় লৈ, পাকতে দ্বাৰকাৰপৰা ঘৰকেশ্বৰ ঘূৰি আহিলগৈ। তাৰ পাচত, তৃতীয়বাৰ (১) অশ্বমেধ যজ্ঞ সুসম্পন্ন কৰাই, ধৰ্মৰাজ্যৰ ৰাজপাটত ধৰ্মৰাজ যুধিষ্ঠিৰক স্থিৰভাৱে থিতাপি কৰি, অসাধাৰণ ৰাজনৈতিক মহামানৰ ভগৱান শ্ৰীকৃষ্ণদেৱে পাণ্ডৰ পৰিয়ালৰ ওচৰত শেষ বিদায় লৈ, দ্বাৰকালৈ প্ৰত্যাগমন কৰিলে। ইতিক্ৰমে, মানৱ জীৱনৰ আদ্য, মধ্য আৰু অন্ত্য লীলাৰ সামৰণত, অধৰ্ম্মাচৰণ পাপৰপৰা ভাৰতক পুনৰুদ্ধাৰ কৰি, সদৌশেহত আচু- তীয়াকৈ ৰাজ্য দ্বাৰকাৰ ৰাজকাৰ্য্য পৰ্যালোচনাৰ্থে মুকুটত্যাগী ৰাজ ৰাজেশ্বৰ দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণ নিজৰ ৰাজধানী দ্বাৰাৱতীত এদনীয়াকৈ বহিল। ইত্যৱসৰত ধৰ্মাৱতাৰ ৰামকৃষ্ণ বাসুদেৱয়ে দ্বাৰকাৰ চউপাশে পৰ্যটন কৰি, বৰাজ্যৰ অন্তৰ্নিহিত ধৰ্ম্মাধৰ্ম বিষয়ক কাৰ্য পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। (১) “অজয় মুতমশ্বমেধৈস্ত্ৰিভিৰ্বিভু। সোহপিক্ষমামনুজৈ ৰক্ষনেমে কৃষ্ণমত্ৰতঃ!” শ্ৰীমদ্ভাগৱত, তৃতীয় স্কা, তৃতীয় অধ্যা, ১৮ মোক। so