পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণৰ ধৰ্ম্মৰাজ্য স্থাপন। সেই বিষয়ক কথা হল, কিন্তু অগ্ৰজৰ সংকল্প নলৰিল। তাৰ পাচত, জৌপদীয়ে বিস্তৰ কাকুতি কৰি বুজনি দিলেহি, কিন্তু পাণ্ডৱৰাজৰ কোমল মন কোমলাব নোৱাৰিলে। যুধিষ্ঠিৰ বনলৈ যোৱাটোৱেই সম্প্ৰতিকলৈ স্থিৰ হল। সদৌশেহত, স্বয়ং শ্ৰীকৃষ্ণ ওচৰ চাপিলগৈ। বাসুদেৱে যুধিষ্ঠিৰৰ ধাতু ভালকৈ বুজে; আৰু সেইমতে নাড়ীজ্ঞান কৰি, তেওঁক বিবিধ বুজনি দিয়াত, তেওঁৰ বিষাদৰ বিকাৰ ক্ৰমাৎ শাম কাটি আহিল। শেহাত শ্ৰীকৃষ্ণই এই যুক্তি প্ৰয়োগ কৰিলে যে, যুধিষ্ঠিৰে যদি এতিয়া যথাবিধি হস্তিনাপুৰত ৰাজ্যাভিষিক্ত নহয়গৈ, তেন্তে কুৰুকুলৰ মহাৰণৰ উদ্দেশ্যই ভ্ৰষ্ট হব; আৰু তেওঁ যি কুৰুকুল আৰু অসংখ্যাত সেনানীৰ পতন হেতুকে বিষাদিত হৈছে, ৰণৰ উদ্দেশ্য ৰক্ষিত, নহলে সেই বিষাদে ঠেকহীন হব, আৰু সেইবাবে তেওঁ অবত নহত্যা পাপৰ পাপী হব। শ্ৰীকৃষ্ণৰ কথাত যুধিষ্ঠিৰে পুনঃ চেতনা পালে। যথাসময়ত মহাসমাৰেহেৰে যাত্ৰা কৰি, অনতিপলমে হস্তিনাপুৰত কুৰুজ-সিংহাসনত যথাবিধি যুধিষ্ঠিৰ ৰাজ্যাভিষিক্ত হলহি। লগে লগে শ্ৰীকৃষ্ণৰ ধৰ্মৰাজ্য স্থাপনৰ মহৎ উদ্দেশ্য সাধিত হল।-যতে কৃষ্ণ ততে ধৰ্ম্ম, যতে ধৰ্ম্ম ততে জয়” এই ভীষ্ম-স্ৰোণ-ব্যাসবাক সপ্ৰমাণিত হল। আনহাতে, তেতিয়ালৈকে মহামতি পিতামহ ভীষ্মদেৰে শৰশয্যাত পৰি মৃত্যুক্ষণলৈ অপেক্ষা কৰিব লাগিছে, কাৰণ তেতিয়ালৈকে তেওঁৰ বাছিত উত্তৰায়ণ, ক্ষণ নৌ চাপেহি। ইতি-অৰসৰতে তেওঁৰ পৰা তেওঁৰ সুগভীৰ হৃগৰ্ভত গচ্ছিত থকা জানোপদেশ লাভ কৰিবলৈ শ্ৰীকৃষ্ণই যুধিষ্ঠিৰাদি পাণ্ডৱ বৰ্গক পৰামৰ্শ দিলে। সেই অনুসৰি, জাতি-ভাই আৰু পত্ৰ-মন্ত্ৰী সকলেৰে বেষ্টিত হৈ পঞ্চপাণ্ডকে