পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬২
শ্ৰীকৃষ্ণ।
 

কৰিছিল, দ্বাৰাৱতীলৈ দুৰ্গম বিষয়ক তেওঁৰ মৌখিক বৰ্ণনাই সেই দৰে আনপাকে সেই প্ৰাণ আকৌ আকুল কৰি তুলিলে। উষাদেবীয়ে অতি আতুৰভাৱে সখীসকলক এই বুলি কাকুতি-মিনতি কৰিবলৈ ধৰিলে, “হে মোৰ দেহৰক্ষিণী মৰমৰ সখিসকল! মোক ধৈৰ্য্যতাই এৰা দিছে। উপস্থিত সমস্যৰ পাৰ পাবলৈ মোৰ যুগুত ভেলা নাই, আছাঁ মাথোঁ বিপদবন্ধু তোমালোক। যাতে এই গতিহীনাৰ সদগতি হয় তাৰ উপায়-যুগুতি কৰাঁহঁক। নহলে এই শৰীৰ-সজাত মোৰ প্ৰাণপখীক আৰু সৰহপৰলৈ বন্দী কৰি ৰাখিব নোৱাৰিবাহঁক।” কুমাৰীৰ সেই মৰ্ম্মস্পৰ্শী উক্তি শুনি সখী কুম্ভাণ্ডদুহিতা প্ৰজ্ঞাসুন্দৰীয়ে এইবুলি বুজনি দিবলৈ ধৰিলে, “হে সখি! উপায়-যুগুতি অসম্ভৱ নহয়; আমাৰ সুযোগ্যা সখী চিত্ৰলেখাই যত্ন কৰিলে সি যে সহজে সম্ভৱপৰ হব, তাত ধনিষ্ঠামানো সন্দেহ নাই। কিয়নো, আমাৰ প্ৰিয়তমা সখী চিত্ৰলেখা নৰদেৱতাদিৰ স্বৰূপ চিত্ৰ অঙ্কনত যেনে সিদ্ধহস্তা, দেশ, নগৰ, পুৰ, দুৰ্গ, দুৱাৰ আদিৰ থিতি-বিধি বিষয়ক তত্ত্বজ্ঞানতো এগৰাকী তেনে পণ্ডিত ৰমনী। এতেক, তেওঁৰ আপোন দিহা অনুযায়ী ব্যৱস্থাৰেই এতিয়া তেওঁ দ্বাৰাৱতীলৈ উপস্থিত উদ্দেশে দূতী স্বৰূপে যাত্ৰা কৰোক, তেওঁত আমাৰ এই অনুৰোধ।” কুম্ভাণ্ডদুহিতা প্ৰজ্ঞাসুন্দৰীৰ সেই সাৰগৰ্ভ কথাত সকলোটি সখীয়ে এককণ্ঠে ’হয়’ দিয়াত, চিত্ৰলেখাই অগত্যা সেই অনুৰোধ শিৰোধাৰ্য্য কৰি, দ্বাৰকা-যাত্ৰালৈ আনন্দমনেৰে আগ বাঢ়িলে।

 যথাসময়ত অদ্ভুত কৌশল আৰু আচৰিত ব্যৱস্থাৰে সৈতে (১) গৈ চিত্ৰলেখা দ্বাৰকাত উপনীতা হলগৈ। তেওঁ উপস্থিত হৈয়েই পোনেই


 (১) চিত্ৰলেখা পাখিলগা পৰী সদৃশ আছিল। অৰ্থাৎ, আধুনিক বিজ্ঞানৰ ফলত মানুহে পাখি লগাই উৰিবলৈ শিকিছে; তেতিয়া পৌৰাণিক অত্যুন্নত বিজ্ঞানৰ বলত এভাগ মানুহে উৰি ফুৰিব পাৰিছিল। সেই উৰণ-বিদ্যা তেতিয়া ঘাইকৈ নাৰীৰ