পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুমাৰ-হৰণ
৫৬৩
 

বাসুদেৱৰ ভৱনান্তিকত থিত্ ললেগৈ (১)। তাত জিৰণি লোৱাৰ ছেগতে তেওঁ নিশ্চিতবুদ্ধি হৈ চিন্তালোচনা কৰিবলৈ ধৰিলে, কি উপায়েৰে নো কুমাৰ অনিৰুদ্ধক অকলে লগ পাব পৰা যায়। তাৰ পাচত, তেওঁ দ্বাৰাৱতীৰ কেন্দ্ৰস্থলত যাদৱশ্ৰেষ্ঠ বৃষ্ণি ফৈদৰ কোৱঁৰসকলৰ চিত্ৰ-বিচিত্ৰ অন্তঃপুৰ আৰু বিলাসভৱনবোৰত অতি সাৱধানে ভুমুকিয়াই চাই চাই কুমাৰ অনিৰুদ্ধক অন্বেষণ কৰিবলৈ ধৰিলে। তেওঁ দ্বাৰাৱতীৰ অন্তৰ্স্থিত চৌপাশৰ চমৎকাৰ ৰাজভৱনবোৰত পাতপাতকৈ বিচাৰি চালে, কিন্তু কুমাৰক কতো দেখা নাপালে। সদৌশেহত, হতাশ হৈ ঘূৰি-পাকি ফুৰি ফুৰি চিত্ৰলেখা সেই প্ৰাসাদমালাৰ কেন্দ্ৰস্থলস্থিত এটি সুবৃহৎ বিলাসভৱনৰ সমুখত উপস্থিত হলগৈ। তাত ৰমনী মণ্ডলীৰ মাজত তেওঁ অনিৰুদ্ধ কোৱঁৰক ছায়াময়াকৈ দেখা পালে। তেওঁ দেখিলে, পৰম ৰমনীয় যদুকুলনাৰীনক্ষত্ৰ মণ্ডলীৰ মধ্যত প্ৰদ্যুম্ন কোৱঁৰ কৃষ্ণ-ৰুক্মিণীনাতি কুমাৰ অনিৰুদ্ধ পূৰ্ণিমাৰ জোনযেনকৈ জিলিকিব লাগিছে। অপেস্বৰাযেন শত-শত যাদবী সুন্দৰী তেওঁৰ সেৱাত অনুৰক্তা আছে। সেই বিলাসমন্দিৰত সমতাল বাদ্য আৰু মধুৰ সঙ্গীতৰ সুৰত যেন স্বৰ্গ-মৰ্ত্য একেঠাই হৈ ৰৈছে। সেই তালত হিয়া নচুৱাই, সেই সঙ্গীতৰ সুৰত মন উটুৱাই সেই নিৰূপমা নাৰীবৰ্গে কৃষ্ণনাতি অনিৰুদ্ধ কুমাৰক আবৰি ধৰি আপোন-পাহৰা হৈ নৃত্যগীতি


মাজত হে প্ৰচলিত আছিল। এতেকে, অদ্ভুত বিদ্যাৱতী বিচিত্ৰ চিত্ৰলেখা এগৰাকী পাখিলগোৱা নাৰী হোৱাটো আচৰিত নহয়। তেওঁ পাখিৰে সৈতে আকাশেদি উৰি গৈ একে ৰাতিৰ ভিতৰতে দ্বাৰকা নগৰীত সোমাৱাটোও একো আচৰিত কথা নহয়।

 (১ শ্ৰীকৃষ্ণৰ শয়নমন্দিৰ দ্বাৰাৱতীৰ কেন্দ্ৰস্থলত প্ৰতিষ্ঠিত। সেই মন্দিৰৰ আশেপাশে ভালেমান আলহীৰ জিৰণি-মন্দিৰ আছিল৷