পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোগ। ৭২৩ “হে অৰ্জুন! এই সংসাৰবাসী প্ৰাণীগণে এই সংসাৰৰূপ বৃক্ষৰ ৰূপ কেনে, ইয়াৰ আদি ক’ত, অন্ত ক’ত, মাজ কত, তাৰ একো তত্ব নাপায়; অথাই-সাগৰৰ গৰ্ভত থকা মাছে যেনেকৈ সাৰৰ সীমা দেখিবলৈ নাপায়, তেনেকৈয়ে ত্ৰিগুণময়ী মায়াত বিমোহিত জীৱই যেনিয়ে চায় তেনিয়ে সংসাৰত বাজে আন একো দেখা নাপায়। মাথোন, অতি চোকা বৈৰাগ্যৰূপ অস্ত্ৰেৰে সেই সংসাৰৰূপ অশ্বথ গছৰ গুৰি পেলাই তাক উছ নিয়াই পৰব্ৰহ্মক জানিব পৰা যায়। এতেকে, যি পৰমপদ লাভ কৰিলে জীৱৰ পুনৰ্জন্ম নহয়, যাৰ দ্বাৰাই সংসাৰ-প্ৰবৃত্তিৰ বিৰ হৈছে, সেই আদিপুৰুষৰেই মই শৰণাগত হওঁ, এই বুলি সেই পদ চিন্তা কৰিব লাগে। যাৰ অভিমান ৰহিত হৈছে, যি বিবেকী, প্ৰিয় বা অপ্ৰিয় বস্তুৰ সমাগমত যাৰ আসক্তি বা বিৰক্তি নাই, যি মায়াতীত পৰব্ৰহ্মতত্ত্বপৰায়ণ, যাৰ বিষয়-ভোগত অভিলাষ নাই, সুখ দুখৰ হেতু ৰাগ-বিৰাগ যি মাৰ নিয়ব পাৰিছে, তেওঁৱেই সম্যক আত্মজ্ঞানৰ বলেৰে ব্ৰহ্মপদ লাভ কৰে। যি পদ প্ৰাপ্ত হলে তত্ববান পুৰুষগণৰ পুনৰাবৃত্তি নহয়, যি পদ চন্দ্ৰ, সূৰ্য্য আৰু অগিয়েও প্ৰকাশ কৰিব নোৱাৰে, অথচ যি পদ প্ৰকাশ, সেই পদেই মোৰ (পৰব্ৰহ্মৰ) পৰমোৎকৃষ্ট পদ (১)। এই সংসাৰত সনাতন জীৰ মোৰই (পৰমাত্মাৰ) জংশ মাথোন; এই জীৱই মনে সৈতে ছয় ইন্দ্ৰিয়ক আকৰ্ষণ কৰে। বায়ু বেলোতে যেনেকৈ পুষ্পদিৰ গন্ধলৈ গতি কৰে, জীৱাত্মায় তেনেকৈ দেহ এৰি যাওঁতে মন আৰু ইন্দ্ৰিয়গণক আকৰ্ষণ কৰি নিয়ে, আৰু অন্ত দেহত আশ্ৰয় লবলৈ তাত প্ৰৱেশ কৰোঁতে সেই মন আৰু (১) মাসয়তে সুৰ্য্যো নাড়েন পাবক। যাত্ম ন নিৰওঁতে কান পৰম গৰগীত, ১৫, আ্যা, মোক।