পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ শ্ৰীকৃষ্ণ। তিনি ৩ এৰাব পাৰে, তেওঁ জন্ম-মৃত্যুৰ ৰাজ হৈ উঠে। গতিকে তেওঁ পৰমানন্দ স্বৰূপ অমৃত লাভ কৰে।” (১) অৰ্জুনে ভক্তি আৰু আগ্ৰহৰ সৈতে সুধিলে, “হে প্ৰভো! যি ভাগ্যৱন্তে এই গুণ তিনি অতিক্ৰম কৰে, তেওঁৰ কি চি? বা লক্ষণ কি? তেওঁৰ আচৰণ কেনে? আৰু কি উপায়েৰে এই ত্ৰিগুণৰ ওপৰ উঠিব পুৰি?” (২) ভগৱান শ্ৰীকৃষ্ণই হৰিষমনেৰে সমিচাৰ দিলে, হে পাণ্ডব। সত্ত্বগুণৰ প্ৰকাশ, ৰজোগুণৰ প্ৰবৃত্তি আৰু তমোগুণৰ মোহ উদয় হলেও যি বিচলিত নহয়, আৰু তাৰ নিৰাকৰণলৈ যি উদাসীন ভাৱে আওকণীয়া, তেৱেই গুণাতীত পুৰুষ। সুখ আৰু দুখ যাৰ মানত সমান, যাৰ সদায় স্বৰূপাৱস্থাত স্থিতি। মাটি শিল, সোণ যাৰ চকুত সমান মূল্যৰ। প্ৰিয় আৰু অপ্ৰিয় দুইৰৰ প্ৰতি যাৰ একে আচৰণ; নিন্দা আৰু স্তুতি দুইৰৰ প্ৰতি যাৰ সমান ভাব, সেই ধীৰ পুৰুষেই গুণাতীত। যি সংসাৰৰ মায়া- মোহ-আসক্তিবিহীন, যি সৰ্বপ্ৰকাৰ উদ্যমত্যাগী সেই সুধীৰ পুৰুষেই ত্ৰিগুণাতীত।” (৩) “হে পাৰ্থ। বৰপতে যি অন্তৰ্যামী ভগৱানক সৰল ভক্তিৰে সৈতে ভজনা কৰে, তেৱেই ত্ৰিগুণ প্ৰকৃতি বা মায়া অতিক্ৰম কৰি ব্ৰহ্মপদ লাভ কৰে। কিয়নো, সেই মই (ভগৱান বা পৰব্ৰহ্ম বা পৰমাত্মা বা (১) গীতা, ১৪শ অধ্যা, ১০-২০ শ্লোক। (২) গীতা, ১৪শ আধ্যা, ২১ জোক। (৩) গীতা, ১৪শ আখ্যা ২২-কে।