পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১ শ্ৰীকৃষ্ণ। এক্ষেপ কৰোঁ; তাৰেপৰা সমস্ত ভৌতিক জগতৰ উৎপত্তি হয়। হে কুন্তীনন্দন! দেৱ, পিতৃ, মনুষ্য, পশু আৰু বৃক্ষাদি যি কোনো যোনিতেই জীৱ উৎপন্ন নহওক, প্ৰকৃতি আৰু পুৰুষ, বা ঈশ্বৰ আৰু মায়াৰ সংযোগেই সেই সমুদায়ৰ মূলকাৰণ; পুৰুষৰ অবিহনে প্ৰকৃতিয়ে আৰু প্ৰকৃতিৰ অবিহনে পুৰুষে স্বতন্তৰীয়াকৈ একোকে উৎপন্ন কৰিব নোৱাৰে। হে মহাবাহে! প্ৰকৃতিজাত সত্ত্ব, ৰজ, তম এই তিনি গুণে অবিনাশী জীবাত্মক দেহৰ মধ্যত আৱদ্ধ কৰি ৰাখে। হে নিষ্পাপ অৰ্জুন! অন্তঃকৰণৰ সত্ত্বগুণে জ্ঞানেন্দ্ৰিয়ৰ সাহায্যত ৰূপ, ৰস, গন্ধ, স্পৰ্শ বিষয়ক বিশেষ বিশেষ পৃথক জ্ঞান জন্মায়, আৰু সেই জ্ঞানতৃষ্ণ নিবৃত্তিৰ নিমিত্তেই দেহাৰ মাজত জীৱাত্মক প্ৰবৃত্ত কৰে। হে কুন্তীনন্দন! ৰজোগুণ তৃষ্ণা (১) আৰু আসল (২) উৎপাদক; সেই জোগুণে জীৱক অনুৰাগৰ বশবৰ্তী কৰি নানা কাৰ্যত প্ৰবৃত্ত কৰে সেই সূত্ৰতে জীৰ বন্ধনগ্ৰস্ত হয়। হে ভাৰত। তমোগুণ আৱৰণ শক্তিৰূপ অজ্ঞানজাত; ই সতত, অসৎ ভ্ৰম জন্মায় অবস্তুত বক্তবুদ্ধি, যত্ন-চেষ্টাদিৰ সময়ত নিদ্ৰ-তন্ত্ৰাদি ঘটাই জীৱাত্মক অজ্ঞান আন্ধাৰত আৱদ্ধ কৰি ৰাখে। সত্ত্ব গুণে জীৱাত্মাক সুখত প্ৰৱৰ্তায়, জোগুণে কৰ্মত মগ্ন কৰে, তমোগুণে আত্মজ্ঞানক ঢাকি ধৰি প্ৰমাণ (৩) ঘটায়। একেজন মানুহকে কেতিয়াবা সাধু, কেতিয়াবা অসাধু, (১) অপ্ৰাপ্ত বস্তু পাৰলৈ হোৱা হাবিয়াৰক তৃষ্ণা বোলা যায়। (২) প্ৰাপ্ত বস্তু বিনষ্ট হলেও তা পাবলৈ আৰু ৰক্ষা কৰিবলৈ হোৱা খাতিক সঙ্গ বেলা বায়। (৩) কৰ্তব্যজ্ঞান বিমান বাৰ লতে অচি সময়ত তাকাপাকে এ বোলা বায়।