পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৯৮ কৰি পৰম হৰ্ষ চিত্তেৰে এই বুলি সমিধান দিলে, “হে পাৰ্থ। তোমাৰ হাৰিয়াষ পূৰ্ণ হওক, বিবিধ বৰণীয়া বিবিধ আকৃতিৰ শত-শত সহস্ৰ-সহস্ৰ অলৌকিক ৰূপ মোৰ এই এক ৰূপত দৰ্শন কৰাঁ।” (১) “হে ভাৰত! চোৱা, মোৰ এই এক দেহতে দ্বাদশ আদিত্য মণ্ডল, অষ্টবসু, একাদশ ৰূদ্ৰ, অশ্বিনীকুমাৰদ্বয়, উনপঞ্চাশ বায়ু আৰু আগেয়ে নেদেখা অনেকানেক অদ্ভুত ৰূপ চাই লোৱ॥ হে গুড়াকেশ! মোৰ নেহৰ একাদতে স্থাবৰজঙ্গম সমন্বিতে সমস্ত জগৎ চাই লোবা; তোমাৰ চাবলগীয়া (২) আৰু যি যি চাব লাগে, চাই লোৱা।” (৩) মহাগুৰু শ্ৰীকৃষ্ণৰ উপদেশ শিৰেধাৰ্য্য কৰি, মহা ভক্তশিষ্য অৰ্জুনে আন্ধাৰত খপিৱাৰ দৰে আগে পিচে সেঁৱে-বাৱে ঘুৰি-পকি চাই একো নেদেখি টাকা মাৰি ৰোৱা দেখি তত্ত্বদৰ্শী ভগৱান বাসুদেৱে অৰ্জুনৰ মনোভাব বুজিব পাৰি হৰিষ, চিতেৰে আত্মজ্ঞান আৰু ঐশিক বিভুতি ধ্যানলৈ সঙ্কেত, দি, এই বুলি পুনৰপি উপদেশ দিলে, “হে অৰ্জুন। যি বাৎসল্য ভাৱেৰে তন্ময়চিতীয়া ভশিষ্য অৰ্জনক গুহ বিভূতি-ব্যাখ্যা দিছিল, সেই হেগত খোতা যিমোহিত আৰু আপোন-পাহৰা হোৱাটো একো আচৰিত নহয়। নাক, মানুহে তন্ময় ভাৰত যি ক্ষণত যি ভাবে, তাকে সাক্ষাৎ বৰূপ দেখাটো অস্বাভাবিক নহয়। (১) গীতা, একাদশ অধ্যা, গোক- “প মে পাৰ্থ পাণি শতশোধ সহস্ৰণ:। নানাবিধানি দিব্যানি নানাবৰ্ণাকৃতীনি চ। (২) এই খিনিতে অৰ্জুন সঙ্কেত, দিয়া হৈছে যে, তেওঁ মন কৰিলে উপস্থিত মহাযুখনৰ ভূত-ভবিষ্যতবৰ্তমানৰ সাক্ষাৎ দৃষ্টি এই হেগতে লাৰু কৰিব পাবে। (৩) গী, একাদশ অধ্যা, ৭ গো।