পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১। আধ্যা। দিব্যদৰ্শন, বিশ্ববিকাশ। ভগৱানৰ বিভূতি ব্যাখ্যাত সম্মোহিত হৈ পৰাৰ্থ প্ৰাৰ্থ ভক্তশিষ্য কৃষ্ণপ্ৰাণ অৰ্জুনে পৰম ভক্তিৰে সৈতে মহাগুক বাসুদেৱত এই বুলি গগদ চিত্তেৰে হৃদয়ৰ কৃতজ্ঞতা জ্ঞাপন কৰিলে, “হে প্ৰভো৷ তুমি কৃপা কৰি মোক যি অধ্যাত্ম তত্ত্বৰ পৰম গুহ কথা বৰ্ণনা কৰি, তাৰ দ্বাৰাই মোৰ মোহ অপনোদিত হল। এই চৰাচৰ জগতৰ উৎপতি, স্থিতি আৰু প্ৰলয় বিষয়ক গুহ মই হৃদয়ঙ্গম কৰিলো। কিন্তু, হে পৰমেশ্বৰ! তোমাৰ ঐশিকৰপৰ বিষয়ে যি বৰ্ণনা দিল, তাৰ বাৰাই তোমাৰ ঐশিকৰূপ সাক্ষাৎ বৰূপে দেখা পাবলৈ সোৰ আগৰ ধাউতি হৈছে। এতেকে, হে অন্তৰ্য্যাশী প্ৰভো! সেই অবিনাশ পৰমাত্মা ৰূপ দেখা পাবলৈ যদি মই যোগ্য হওঁ, তেন্তে, হে যোগেশ্বৰ, সাক্ষাৎ বৰূপ দৰ্শন দি মোক ধন্ত কৰা।” (১) ভকতবৎসল ভগৱান শ্ৰীকৃষ্ণই ভক্তশিষ্য অৰ্জনৰ অন্তৰৰ উদ্বেগ বুজিব পাৰি, আৰু তেওঁক তেওঁৰ প্ৰতি তন্ময় ভাবত উন্মত্ত হোৱা দেখি, সেই ছেগতে নিজ বিমোহন (২) শক্তিৰে অৰ্জ্জুনক অতিশয় সমোহিত (১) গীতা, একাদশ অধ্যা, ১৪ ফেক। (২) শ্ৰীকৃষ্ণ বহিক পেলেই জগন্মোহন; তদুপৰি আখ্যাত্মিক পৰ সমোহনী শক্তিৰ প্ৰভাব। বিশেষকৈ, ভগৱান বাসুদেৱে সাময়িক আসন্ন হেগত ১০